মুখ্য-পৃষ্ঠা

দিল্লী আৰক্ষীৰ সফল অভিযানঃ ১০০ৰো অধিক গোচৰ ৰুজু হৈ থকা অপৰাধী কৰ্ণেল সিঙক গ্ৰেপ্তাৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ দিল্লীৰ নৰ্থ জিলা আৰক্ষীৰ এটা দলে বৃহস্পতিবাৰে চলাই ড্ৰাগছৰ বিৰুদ্ধে বৃহৎ অভিযান। আৰক্ষীয়ে অভিযানকালত গ্ৰেপ্তাৰ কৰে এজন ধৃত ড্ৰাগছ সৰবৰাহকাৰীক। যাৰ বিৰুদ্ধে বৰ্তমানলৈ ১০০ৰো অধিক গোচৰ ৰুজু কৰা হৈছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ধৃত ব্যক্তিজন ৫১ বছৰীয়া কৰ্ণেল সিং।

আৰক্ষীয়ে লগতে এই অভিযানকালত জব্দ কৰে প্ৰায় ১ কোটি টকাৰ নিষিদ্ধ ড্ৰাগছ। উল্লেখ্য যে, ১৯৯০চনত ড্ৰাগছৰ এই অবৈধ ব্যৱসায়ৰ সৈতে জড়িত হৈ পৰিছিল কৰ্ণেল সিং। লগতে সিঙৰ বিৰুদ্ধে হত্যাৰ চেষ্টা, ড্ৰাগছ সৰবৰাহ, লুন্ঠনৰ দৰে বহু গোচৰ ৰুজু হৈ আছে।