মুখ্য-পৃষ্ঠা

টিকটকত ভাল ভিডিঅ’ বনাবলৈ লাগে ভাল ফোন! কিনিবলৈ ধন নাই, সেইবাবেই আইফোন চুৰি কৰিছিল যতীনে

asomiyapratidin

ডিজিটেল ডেস্কঃ 'টিক টক'ত ভিডিঅ' বনাই ষ্টাৰ হোৱাৰ সপোন দেখা এজন যুৱকে ভিডিঅ' নিৰ্মাণৰ বাবে আইফোন চুৰি কৰি এতিয়া ৰঙাঘৰত সোমাবলগীয়া হ'ল। এই ঘটনা সংঘটিত হৈছে পূৱ দিল্লীৰ প্ৰীত বিহাৰত।

যতীন চাৱৰা নামৰ এজন যুৱকে অভিযোগ কৰা মতে, তেওঁ তেওঁৰ আইফোনটো বিক্ৰীৰ বাবে অ'এলএক্সত বিজ্ঞাপন দিছিল। তাতেই এজন যুৱকে তেওঁৰ সৈতে ৮০ হাজাৰ টকাত আইফোনটো ক্ৰয়ৰ চুক্তি কৰি প্ৰীত বিহাৰৰ ৰেড লাইটত লগ কৰিবলৈ মাতে। কিন্তু ক্ৰয়ৰ চুক্তি কৰা যুৱকজনে যতীন চাৱৰাৰ পৰা আইফোনটো লৈ দিব লগীয়া ৮০ হাজাৰ টকা নিদিয়াকৈয়ে বাইকত উঠি পলায়ন কৰে। ইয়াৰ পিছতে থানাত তেওঁৰ আইফোনটো চুৰি সন্দৰ্ভত গোচৰ ৰুজু কৰে যতীন চাৱৰাই।

ইফালে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান চলাই অৱশেষত ১৫ জুনত গৌতমবুদ্ধ নগৰৰ পৰা যতীন নাগৰ নামৰ যুৱকজনক আইফোনসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। যুৱকজনৰ পৰা আৰক্ষীয়ে এখন কেটিএম ৰেচিং বাইকো উদ্ধাৰ কৰে। আনহাতে আৰক্ষীৰ জেৰাত যতীন নাগৰে স্বীকাৰ কৰে যে সি টিকটক ভিডিঅ' বনাবলৈ আইফোনটো চুৰি কৰিছিল। টিক টিকত ভাল কুৱালিটীৰ ভিডিঅ' বনাই ধন অৰ্জনৰ লগতে ষ্টাৰ হ'ব বিচৰা বাবেই এই চুৰি কাণ্ড সংঘটিত কৰা বুলি স্বীকাৰ কৰে এখন ৰেষ্টুৰেন্টত কাম কৰা যতীন নাগৰ নামৰ যুৱকজনে।