মুখ্য-পৃষ্ঠা

দিল্লীত হ্ৰাস পাইছে কোৰোনাঃ কাৰ্ফিউ শিথিলতাৰ প্ৰস্তাৱত অনুমোদন…

asomiyapratidin

ডিজিটেল ডেস্কঃ ৰাজধানী দিল্লীত ক্ৰমান্বয়ে হ্ৰাস হৈছে কোভিড আক্ৰান্তৰ সংখ্যা। সেই দিশৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সংক্ৰমণ প্ৰতিৰোধৰ বাবে জাৰি কৰা সপ্তাহিক কাৰ্ফিউ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই অনুসৰি কেজৰিৱালে লেফটেনেণ্ট গভৰ্ণৰলৈ এটা প্ৰস্তাৱ প্ৰেৰণ কৰিছে।

কেজৰিৱালে কাৰ্ফিউ শিথিল কৰি বজাৰত দোকান খোলাৰ বাবেও অনুমতি প্ৰদান কৰিবলৈ আগবাঢ়িছে। আনহাতে কাৰ্যালয়সমূহ ৫০ শতাংশ কৰ্মচাৰীৰ উপস্থিতিৰে মুকলি কৰিবলৈও প্ৰস্তুতি চলাইছে। উল্লেখ্য যে, যোৱা ২৪ ঘণ্টাত দিল্লীত ১২, ৩০৬ গৰাকী লোক কোৰোনাত আক্ৰান্ত হৈছে। এই সময়ছোৱাত দিল্লীত পিজিটিভিটিৰ হাৰ ২১.৪৮ শতাংশ।