মুখ্য-পৃষ্ঠা

নাৰীজনিত অপৰাধৰ বিৰুদ্ধে দিল্লী চৰকাৰৰ অভিযানঃ স্কুল-কলেজৰ ছাত্ৰক দিয়া হ’ব এই শপত…

asomiyapratidin

ডিজিটেল ডেস্কঃ দিল্লীত মহিলাৰ সুৰক্ষা সুনিশ্চিত কৰাৰ উদ্দেশ্যৰে এক অভিযান আৰম্ভ কৰিব মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ চৰকাৰে। দিল্লী সচিবালয়ত আয়োজিত এক সংবাদ মেলত মুখ্যমন্ত্ৰী কেজৰিৱালে এই অভিযানৰ বিষয়ে জানিবলৈ দি কয় যে মহিলাৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ দিল্লীৰ সকলো বিদ্যালয় আৰু মহাবিদ্যালয়ত অধ্যয়ণৰত ছাত্ৰসকলক সৎ আচৰণৰ শপত বাক্য পাঠ কৰোৱা হ'ব।

কেজৰিৱালে কয়, 'যিবোৰ দায়িত্ব চৰকাৰ আৰু আৰক্ষীয়ে পালন কৰা উচিত, সেইবোৰ পালন কৰা হ'ব। কিন্তু চিন্তা সলনি কৰাৰ আৰম্ভণি এটা পৰিয়ালৰ পৰাই হোৱা উচিত। যাৰ বাবে আমি এই অভিযান হাতত লৈছো। আমি বিদ্যালয় আৰু মহাবিদ্যালয়ত অধ্যয়ণৰত ছাত্ৰসকলক এই শপত বাক্য পাঠ কৰোৱাম যে তেওঁলোকে যাতে কেতিয়াও মহিলাৰ সৈতে অশালীন অথবা দুৰ্ব্যৱহাৰ নকৰে।

এই শপত কেৱল এবাৰেই দিয়া নহয়, এক নিৰ্ধাৰিত সময়ৰ মূৰে মূৰে বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত এয়া পাঠ কৰোৱা হৈ থাকিব।' বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰসকলক সৎ আচৰণৰ শপত দিলে দিল্লীত মহিলাৰ ওপৰত হোৱা নিৰ্যাতন আৰু অপৰাধৰ ঘটনা বহুখিনি হ্ৰাস পাব বুলি আশা ব্যক্ত কৰে কেজৰিৱালে।