মুখ্য-পৃষ্ঠা

জল ব’ৰ্ডত চাকৰিঃ দৰমহা প্ৰতিমাহে ২ লাখ…

asomiyapratidin

ডিজিটেল ডেস্কঃ চাকৰি বিচাৰি থকাসকলৰ বাবে ভালখবৰ। দিল্লী জল ব'ৰ্ডে কেইবাটাও পদৰ নিয়োগৰ বাবে আবেদন আহ্বান কৰিছে। দিল্লী জল ব'ৰ্ডে জাৰি কৰা জাননী অনুসৰি, মুঠ ৩০ টা পদত নতুনকৈ নিয়োগ কৰিব। এই পদৰ বাবে আবেদন কৰিব বিচৰা প্ৰাৰ্থীসকলে দিল্লী জল বৰ্ডৰ অফিচিয়েল ৱেবছাইটলৈ গৈ আবেদন কৰিব পাৰে। আবেদন প্ৰক্ৰিয়া ১৪ জানুৱাৰীলৈকে অব্যাহত থাকিব।

আগ্ৰহীসকলে এই পদৰ বাবে কেৱল অনলাইন মাধ্যমেৰে আৱেদন কৰিব লাগিব। প্ৰাৰ্থীসকলে delhijalboard.nic.in অফিচিয়েল ৱেবছাইটৰ জৰিয়তে আবেদন পত্ৰ ডাউনলোড কৰিব লাগিব। আবেদন পত্ৰ পূৰণ কৰোঁতে কোনো ভুল তথ্য আপলোড কৰিব নোৱাৰিব।

বৰ্ডে জ্যেষ্ঠ ফেলো (৫ টা পদ), সহযোগী ফেলো (১০ টা পদ) আৰু ফেলো (১৫ টা)পদৰ বাবে এই নিয়োগ আবেদন আহ্বান কৰিছে। জ্যেষ্ঠ ফেলো পদৰ বাবে প্ৰাৰ্থীজনৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰি হ'ব লাগিব। অথবা নূন্যতম ৬০ শতাংশ নম্বৰলৈ স্নাতক ডিগ্ৰীধাৰি হ'ব লাগিব। ইয়াৰোপৰি তেওঁ তিনি বছৰৰ অভিজ্ঞতা থাকিব লাগিব।

সহযোগী ফেলো পদৰ বাবে প্ৰাৰ্থী গৰাকী ৬০ শতাংশ নম্বৰসহ স্নাতক ডিগ্ৰীধাৰি হ'ব লাগিব। আৰু ফেলো পদৰ বাবে ৬০ শতাংশ নম্বৰসহ স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ উপৰিও ৩ বছৰৰ অভিজ্ঞতা সম্পন্ন হ'ব লাগিব।

যিসকল প্ৰাৰ্থীক জ্যেষ্ঠ ফেলো পদৰ বাবে বাছনি কৰা হ'ব তেওঁলোকক প্ৰতি মাহে দৰমহা হিচাপে দুই লাখ টকা দিয়া হ'ব। যিসকলক ফেলো পদৰ বাবে বাছনি কৰা হ'ব তেওঁলোকক প্ৰতি মাহে দৰমহা হিচাপে ১.২৫ লাখ টকা দিয়া হ'ব। সহযোগী ফেলো পদৰ বাবে বাছনি কৰা সকলে প্ৰতি মাহে ৭৫ হাজাৰ টকা দৰমহা প্ৰদান কৰা হ'ব।