মুখ্য-পৃষ্ঠা

ভুল তথ্য দাখিল গোচৰত দিল্লীৰ উপ মুখ্যমন্ত্ৰী মণীষ চিছোদিয়ালৈ উচ্চ ন্যায়ালয়ৰ জাননী…

asomiyapratidin

ডিজিটেল ডেস্কঃ বিধানসভা নিৰ্বাচনৰ পূৰ্বে দাখিল কৰা শপতনামাত ভুৱা তথ্য দাখিলৰ গোচৰত দিল্লীৰ উপ মুখ্যমন্ত্ৰী তথা আপ নেতা মণীষ চিছোদিয়ালৈ জানানী জাৰি কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে। চিছোদিয়াৰ বিৰুদ্ধে শপতনামাত ভুৱা তথ্য দাখিলৰ অভিযোগ উত্থাপন কৰি আদালতত আবেদন দাখিল কৰিছিল পটপড়গঞ্জ বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ৰবীন্দ্ৰ নেগীয়ে।

বিজেপি প্ৰাৰ্থীজনে আদালতত দাখিল কৰা আবেদনত কয় যে চিছোদিয়াই শপতনামাত তেওঁৰ বিৰুদ্ধে ৰুজু হৈ থকা গোচৰৰ বিষয়ে উল্লেখ কৰা নাই। উল্লেখ্য যে, দিল্লীৰ উপ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে সন্তোষ কোলীৰ হত্যাৰ পিছত ভাৰতীয় পতাকা জ্বলাই দিয়াৰ অভিযোগ উত্থাপন হৈছিল। এই গোচৰ সন্দৰ্ভত দিল্লী আৰক্ষীয়ে ইতিমধ্যে আদালতত চাৰ্জশ্বীটো দাখিল কৰিছে। বিজেপি নেতা ৰবীন্দ্ৰ নেগীয়ে আদালতক কয় যে চিছোদিয়াই তেওঁৰ বিৰুদ্ধে ৰুজু হৈ থকা এই গোচৰ সন্দৰ্ভত শপতনামাত কোনো তথ্য উল্লেখ কৰা নাই।

আনহাতে নিৰ্বাচন আয়োগৰ নীতি উলংঘা কৰাৰো অভিযোগ সন্দৰ্ভত চিছোদিয়াই শপতনামাত উল্লেখ কৰা নাই বুলি অভিযোগ কৰে বিজেপি নেতাজনে। লগতে আদালতত দাখিল কৰা আবেদনত এই অভিযোগো উল্লেখ কৰা হয় যে ২০১৮ চনত চিছোদিয়াই তেওঁৰ ফ্লেট বিক্ৰী কৰি অইন স্থানত বাস কৰিবলৈ লৈছিল। কিন্তু পুৰণি ভোটাৰ কাৰ্ডেই এতিয়াও চিছোদিয়াই ব্যৱহাৰ কৰি আছে। এই আবেদনৰ শুনানি আদালতে ২৯ মাৰ্চত গ্ৰহণ কৰিব।