মুখ্য-পৃষ্ঠা

আকাশবাণী কেন্দ্ৰত অগ্নিকাণ্ড…

asomiyapratidin

ডিজিটেল ডেস্কঃ দেওবাৰে আকাশবাণী কেন্দ্ৰৰ প্ৰথম মহলাত জুই লগা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।দেশৰ ৰাজধানী চহৰ দিল্লীৰ সংসদ মাৰ্গত অৱস্থিত এই আকাশবাণী কেন্দ্ৰৰ জুই নিৰ্বাপনৰ বাবে ঘটনাস্থলীত উপস্থিত হয়হি অগ্নি নিৰ্বাপক বাহিনী।

বৰ্তমানলৈকে এই ঘটনাত কোনো আহত হোৱাৰ খবৰ পোৱা হোৱা নাই। দিল্লী অগ্নি নিৰ্বাপক বাহিনীয়ে জনোৱা অনুসৰি পুৱা প্ৰায় ৫ বাজি ৫৭ মিনিটত জুই লাগে দিল্লীৰ আকাশবাণী কেন্দ্ৰত। ইয়াৰ লগে লগে ঘটনাস্থলীলৈ ৮ খন অগ্নি নিৰ্বাপক বাহিনীৰ বাহন প্ৰেৰণ কৰা হয়।

খবৰ অনুসৰি, প্ৰথম মহলাৰ ১০১ নম্বৰ কোঠাত জুইৰ সূত্ৰপাত হয়। শ্বৰ্ট চাকিৰ্টৰ ফলত অগ্নিকাণ্ড সংঘটিত হৈছে বুলি সন্দেহ কৰা হৈছে।