মুখ্য-পৃষ্ঠা

দিল্লীত ৯৭ সহস্ৰাধিকলৈ বৃদ্ধি কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা, ২৪ ঘন্টাত ২৫০৫জনৰ দেহত কোভিড-১৯…

asomiyapratidin

ডিজিটেল ডেস্কঃ দিল্লীত দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে কোৰোনাৰ সংক্ৰমণ। ৰাজ্যখনত ৯৭ সহস্ৰাধিক লোক বৰ্তমানলৈ আক্ৰান্ত হৈছে এই ভাইৰাছত। যোৱা ২৪ ঘন্টাত দিল্লীত ২৫০৫জন লোকৰ দেহত ধৰা পৰিছে কোভিড-১৯ৰ উপস্থিতি। আৰু ইয়াৰ পাছতে ৰাজ্যখনত ৯৭,২০০জনলৈ বৃদ্ধি পায় এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।

ইফালে, ৰাজ্যখনত কোৰোনাত আক্ৰান্ত সকলৰ ভিতৰত সুস্থ হোৱা লোকৰ হাৰ ৭০.২২ শতাংশ হৈছেগৈ। যোৱা ২৪ ঘন্টাত দিল্লীত কোৰোনাক্ৰান্ত ২৬৩২জন ৰোগী সুস্থ হৈ উঠিছে। আনহাতে, এই সময়চোৱাত ৰাজ্যখনত ৫৫জন লোকৰ মৃত্যু হৈছে কোৰোনা ভাইৰাছৰ ফলত।