মুখ্য-পৃষ্ঠা

যোৱা ২৪ ঘণ্টাত দিল্লীত COVID-19ত ২০জন লোক আক্ৰান্ত, ১জনৰ মৃত্যুঃ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল…

asomiyapratidin

ডিজিটেল ডেস্কঃ কোৰোনা ভাইৰাছৰ সংক্ৰমণ ভাৰততো দিনকদিনে বৃদ্ধি পাবলৈ ধৰিছে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি সোমবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এক সংবাদমেল সম্বোধন কৰে। সংবাদমেলত দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, যোৱা ২৪ ঘণ্টাত ৰাজ্যখনত কোৰোনা ভাইৰাছত ২০জনকৈ লোক আক্ৰান্ত হৈছে। আৰু এজন লোকৰ এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হয়।

তেওঁ লগতে কয় যে- বৰ্তমান দিল্লীৰ চিকিৎসালয়ত COVID-19ত আক্ৰান্ত ২৫জন লোকক আই চি ইউত ৰখা হৈছে আৰু ৮জন ৰোগী আছে ভেন্টিলেটৰত। তদুপৰি বৰ্তমানলৈ দিল্লীত ৫২৩জন লোকৰ দেহত কোৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে আৰু ইয়াৰে ৩৩০ জনে নিজামুদ্দিন মাৰ্কাজত অংশ লৈছিল।