মুখ্য-পৃষ্ঠা

দলীয় কাৰ্যালয়ত পত্নীক চৰ! পদ হেৰুৱাবলগা হ’ল জিলা বিজেপিৰ সভাপতিয়ে…

asomiyapratidin

ডিজিটেল ডেস্কঃ দলীয় কাৰ্যালয়ত পত্নীক চৰ মাৰি পদ হেৰুৱাবলগা হ'ল দিল্লী বিজেপিৰ জিলা সভাপতি আজাদ সিঙে। দক্ষিণ দিল্লীৰ প্ৰাক্তন মেয়ৰ সৰিতা চৌধুৰীক স্বামী আজাদ সিঙে দলীয় কাৰ্যালয়ত চৰ শোধোৱাৰ ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতে জিলা সভাপতিজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি পদৰ পৰা বৰ্খাস্ত কৰে বিজেপিয়ে।

ভাইৰেল ভিডিঅ'টোত দেখা পোৱা অনুসৰি দলীয় কাৰ্যালয়ত সেই সময়ত উপস্থিত বিজেপিৰ কেইবাজনো নেতা-কৰ্মীৰ সন্মুখতে পত্নী সৰিতাক চৰ শোধায় মেহেৰাউলিৰ সভাপতি আজাদ সিঙে। অৱশ্যে আজাদ সিঙে দাবী কৰা মতে প্ৰথমে তেওঁৰ পত্নীয়ে দলীয় কাৰ্যালয়ত কাজিয়াৰ সূত্ৰপাত কৰাত খঙত তেওঁ চৰ শোধায়।

কিন্তু ভিডিঅ'টো ভাইৰেল হৈ পৰাৰ পিছত ঘটনাক গুৰুত্বসহকাৰে লৈ আজাদ সিঙক সভাপতি পদৰ পৰা বৰ্খাস্ত কৰে বিজেপিয়ে। ঘটনাৰ তদন্তৰ বাবে দলৰ শীৰ্ষ সদস্য সকলক লৈ এখন বিশেষ কমিটী গঠন কৰা বুলিও জানিবলৈ দিয়ে দিল্লী বিজেপিৰ সভাপতি মনোজ তিৱাৰীয়ে। উল্লেখ্য যে, কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাৱৰেকড়ৰ নেতৃত্বত অনুষ্ঠিত এখন বৈঠকত অংশ লৈ উভতি অহাৰ পিছতে দলীয় কাৰ্যালয়ত পত্নী সৰিতা সিঙৰ সৈতে মতানৈক্যৰ সময়ত চৰ শোধায় আজাদ সিঙে।