মুখ্য-পৃষ্ঠা

কেজৰিৱালৰ দৰে নমুনাই দিল্লীক ধ্বংস কৰিলেঃ যোগী আদিত্য নাথ…

asomiyapratidin

ডিজিটেল ডেস্কঃ সন্মুখত দিল্লীৰ বিধানসভা নিৰ্বাচন। এই নিৰ্বাচনক লৈ সকলো ৰাজনৈতিক দলৰ নেতা-কৰ্মী বৰ্তমান ব্যস্ত নিৰ্বাচনী প্ৰচাৰত। দিল্লীত শনিবাৰে উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে এক নিৰ্বাচনী সভাত অংশ লৈ আপ চৰকাৰ তথা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক তীব্ৰ সমালোচনাকৰে।

দিল্লীৰ নৰেলাত এক নিৰ্বাচনী সভাত যোগী আদিত্য নাথে কয় যে, দিল্লীত এনে এখনচৰকাৰ গঠন হ'ব লাগে যিখন চৰকাৰে ৰাজ্য তথা ৰাজ্যবাসীৰ উন্নতিৰ বাবে কাম কৰে।  মোডীজীৰ নেতৃত্বত বিজেপিৰ এজন নেতাই দিল্লীকউন্নতিৰ পথত আগবঢ়াই নিব।

উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়- 'সমগ্ৰ দেশৰ নাগৰিকে নজৰ ৰাখিছে ৫ বছৰ পূৰ্বে আন্দোলনৰ জৰিয়তে চৰকাৰ গঠন কৰা সকলৰ ওপৰত। তেওঁলোকে চৰকাৰ গঠন কৰাৰ পাছত দিল্লীবাসীক সাধাৰণ সুবিধা সমূহৰ পৰাও বঞ্চিত কৰিলে। ইয়াত দিল্লীৰ উন্নতিৰ বাবে ধন ব্যয় কৰা নহয়, দেশ বিৰোধী কাৰ্যকলাপ কৰা প্ৰতিবাদকাৰীৰ হকেহে ব্যয় কৰা হয়। কেজৰিৱাৰলৰ দৰে নমুনা এজনে দিল্লীক ধ্বংস কৰি পেলালে।' দিল্লীত অব্যাহত থকা প্ৰতিবাদ আৰু যমুনা নদীৰ পানী প্ৰদূষিত হোৱাৰ মুল কাৰণ কেজৰিৱাল বুলিও অভিযোগ উত্থাপন কৰে যোগী আদিত্য নাথে।