মুখ্য-পৃষ্ঠা

দিল্লীৰ এইমছত গোৱা চৰকাৰৰ কেবিনেট বৈঠক…

asomiyapratidin

ডিজিটেল  ডেস্কঃ বৰ্তমান অসুস্থ গোৱাৰ মুখ্যমন্ত্ৰী মনোহৰ পাৰিকৰ। চলিত বৰ্ষৰ ১৫ চেপ্টেম্বৰৰ পৰা চিকিৎসাধীন হৈ থকা মুখ্যমন্ত্ৰীজনে দিল্লীৰ এইমছত শুক্ৰবাৰে আহ্বান জনাইছে কেবিনেট বৈঠকৰ।

বৈঠকত গোৱাৰ মন্ত্ৰীসভাৰ কেবিনেট মন্ত্ৰীসকলৰ লগতে মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ আমোলা বিষয়া সকলো উপস্থিত থাকিব। বহুকেইটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা হোৱাৰ সম্ভাৱনা থকা এই বৈঠকখনৰ অধ্যক্ষতা কৰিব মনোহৰ পাৰিকাৰে।

বিগত এটা মাহৰ ভিতৰত পাৰিকৰৰ এইখনেই হৈছে আনুষ্ঠানিক বৈঠক। এক বিশেষ সূত্ৰ অনুসৰি বিগত সপ্তাহত গোৱাৰ মন্ত্ৰীসকলক প্ৰদান কৰা হৈছে অতিৰিক্ত দায়িত্ব। মন্ত্ৰীমণ্ডলৰ এই সন্দৰ্ভতো আলোচনা হ'ব বৈঠকত ।