মুখ্য-পৃষ্ঠা

ৰাজধানীত সুৰক্ষিত নহয় মহিলা, কিশোৰীঃ এচিড আক্ৰমণৰ সন্মুখীন হ'ল ১৭ বছৰীয়া কিশোৰী...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৰাজধানী দিল্লীত সুৰক্ষিত নহয় মহিলা-যুৱতী ! ধাৰাবাহিক ভাৱে দিল্লীত সংঘটিত হৈ আহিছে অপৰাধ, হত্যা, হিংসাৰ দৰে ঘটনা। তাৰ মাজতে দক্ষিণ-পশ্চিম দিল্লীৰ দ্বাৰকা অঞ্চলত দুজন বাইক আৰোহীয়ে এগৰাকী কিশোৰীলৈ এচিড নিক্ষেপ কৰাৰ ঘটনা সংঘটিত হৈছে।

প্ৰাপ্ত তথ্য মতে দক্ষিণ-পশ্চিম দিল্লীৰ দ্বাৰকা অঞ্চলত দুজন বাইক আৰোহীয়ে এগৰাকী ১৭ বছৰীয়া কিশোৰীৰ দেহলৈ এচিড নিক্ষেপ কৰি পলায়ন কৰে। ঘটনাত কিশোৰীগৰাকী গুৰুতৰ ভাৱে আহত হয়।

আহত হোৱা কিশোৰীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। এই ঘটনাৰ এটা ভিডিঅ' পোহৰলৈ আহিছে। ঘটনাৰ ভুক্তভোগী কিশোৰীগৰাকীৰ পিতৃয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে কিশোৰীগৰাকীৰ অৱস্থা বৰ্তমান সংকটজনক।

কিশোৰীগৰাকীৰ মুখ আৰু চকুত এচিড পৰাৰ ফলত জ্বলি গৈছে। ইফালে এই ঘটনা সংঘটিত কৰা দুই যুৱকৰ ভিতৰত এজনক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে, এই সমগ্ৰ ঘটনাৰ দৃশ্য বন্দী হৈছিল চি চি টিভি কেমেৰাত। সেই দৃশ্যত দেখা গৈছে, য'ত দুগৰাকী ছোৱালী পথেৰে খোজ কাঢ়ি গৈ আছে।

ইয়াৰ পিছতে এখন বাইক গৈ তেওঁলোকৰ কাষত ৰৈ যায় আৰু পিছফালে বহি থকা ল'ৰা জনে ১৭ বছৰীয়া কিশোৰীগৰাকীৰ মুখলৈ এচিড নিক্ষেপ কৰে।

এই ঘটনা সন্দৰ্ভত দিল্লীৰ মহিলা আয়োগৰ মুৰব্বী স্বাতী মালিৱালে উদ্বেগ প্ৰকাশ কৰিছে। তেওঁ প্ৰশ্ন কৰিছে, এনে জঘন্য অপৰাধ প্ৰতিৰোধ কৰিব পৰাকৈ এচিড কিয় এতিয়াও উপলব্ধ? বজাৰত পাচলিৰ দৰে বিক্ৰী হৈ থকা এচিড কিয় বিক্ৰী নিষিদ্ধ কৰা হোৱা নাই?