মুখ্য-পৃষ্ঠা

দিল্লীত আপ-কংগ্ৰেছৰ মিত্ৰতা সন্দৰ্ভত ৰাহুল গান্ধীৰ টুইটক লৈ কেজৰিৱালৰ প্ৰতিক্ৰিয়া…

asomiyapratidin

ডিজিটেল ডেস্কঃ আম আদমি পাৰ্টি আৰু কংগ্ৰেছৰ মিত্ৰজোঁট সন্দৰ্ভত ছ'চিয়েল মিডিয়াত মন্তব্য কৰে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে। তেওঁ দিল্লীত আপ আৰু কংগ্ৰেছৰ মিত্ৰজোঁটক লৈ সন্মত বুলি লিখিছে টুইটাৰত। ৰাহুল গান্ধীয়ে লগতে দিল্লীত ৪খন লোকসভা আসন আপক এৰি দিব বুলি মত প্ৰকাশ কৰে। ৰাহুল গান্ধীৰ এই টুইটৰ পাছতেই প্ৰতিক্ৰিয়া ব্যক্ত কৰে আপৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।

দিল্লীৰ মুঠ ৭টা সংসদীয় সমষ্টিৰ ৩টা সমষ্টিত নিৰ্বাচনী যুঁজৰ বাবে সাজু হৈছে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীসহ দলটো। তেওঁ টাইটাৰত লিখিছে- 'কংগ্ৰেছ আৰু আপৰ মিত্ৰজোঁটৰ অৰ্থ হ'ল বিজেপিক আতৰোৱা। কংগ্ৰেছে দিল্লীৰ ৪টা সংসদীয় সমষ্টি আপক দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কিন্তু অৰবিন্দ কেজৰিৱাল মিত্ৰতা স্থাপন কৰাৰ পৰা বিৰত আছে। আমি এতিয়াও সাজু, কিন্তু সময়বোৰ পাৰ হৈ গৈ আছে।'

আনহাতে, অৰবিনন্দ কেজৰিৱালেও ইয়াত প্ৰতিক্ৰিয়া হিচাপে টুইটাৰত লিখিছে- 'মিত্ৰতা সন্দৰ্ভত এতিয়াও আলোচনা চলি আছে।আপোনাৰ টুইটটোৰ পৰা বুজিব পাৰিব যে মিত্ৰতা স্থাপন কৰিবলৈ আপোনাৰ ইচ্ছা নাই। আজি দেশক মোডী আৰু শ্বাহৰ পৰা ৰক্ষা কৰাতো প্ৰয়োজন…'