- দিল্লীৰ ৰোহিনী আদালতত প্ৰচণ্ড গুলীচালনাৰ ঘটনা সংঘটিত হৈছে।
- এই সংঘৰ্ষত বৰ্তমানলৈকে নিহত হৈছে তিনি জনলোক।
- প্ৰাপ্ত তথ্য মতে দিল্লীৰ দাগী অপৰাধী জিতেন্দ্ৰ গোগীৰ মৃত্যু হৈছে এই গুলীচালনাত ।
- দিল্লীৰ ৰোহিনী আদালতত গেংষ্টাৰ গোগীলৈ লক্ষ্য কৰিয়ে চলোৱা হৈছিল গুলী।
- আক্ৰমণকাৰীৰ দলটোৰ সদস্যসকলে ব্যৱহাৰ কৰিছিল উকীলৰ পোছাক।
- তিলু দলৰ লোক এই ঘটনাৰ লগত জড়িত থকাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে।
- উল্লেখযোগ্য যে তিলু আৰু গোগী দলৰ মাজত দীৰ্ঘদিন ধৰি সংঘাত চলি আছিল।
- দীৰ্ঘদিনীয়া সংঘৰ্ষৰ ফলতেই সংঘটিত হ'ল এই ঘটনা।