মুখ্য-পৃষ্ঠা

লোকসভাত ভাৰত-চীন সীমান্তৰ সন্দৰ্ভত কি ক’লে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে…

asomiyapratidin

ডিজিটেল ডেস্কঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে লোকসভাত ভাৰত-চীন সীমান্তক লৈ বিস্তৃত মন্তব্য কৰে। ৰাজনাথ সিঙে কয় যে, ' চৰকাৰে বিভিন্ন গোপনীয় এজেঞ্চীসমূহৰ মাজত সমন্বয়ৰ এক বিস্তৃত টাইম টেষ্টেড মেচিন আছে। য'ত কেন্দ্ৰীয় আৰক্ষী বাহিনী আৰু তিনি সশস্ত্ৰ বাহিনীৰ গোপনীয় এজেঞ্চী অন্তৰ্ভুক্ত হৈ আছে। কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰী মোডীয়ে লাডাখত থকা আমাৰ বীৰ জোৱানসকলৰে মিলিত হৈছে। আৰু তেওঁ জোৱানসকলক কয় যে, সমগ্ৰ দেশবাসী আপোনালোকৰ সৈতে আছে।'

তেওঁ লগতে কয়- 'ময়ো লাডাখলৈ গৈছিলো। দেশৰ বীৰ জোৱানসকলৰ সৈতে সময় অতিবাহিত কৰিছিলো। মই তাত গৈ অদম্য সাহস অনুভৱ কৰিলো বীৰ জোৱানসকলৰ মাজত। এপ্ৰিলৰ পৰা পূব লাডাখ সীমান্তত চীনৰ সেনা বাহিনীৰ সংখ্যা তথা তেওঁলোকৰ যুদ্ধ সামগ্ৰীৰ সংখ্যা বৃদ্ধি পোৱা দেখা গৈছে…।'