মুখ্য-পৃষ্ঠা

ৰিয়াৰ পিছত এইবাৰ পাল দীপিকা, শ্ৰদ্ধা আৰু চাৰাৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ বলিউদৰ সুদৰ্শন অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ঘটনাক লৈ তদন্ত অধিক ক্ষীপ্ৰতৰ কৰি তুলিছে এন চি বিয়ে। শেহতীয়াকৈ সোধ-পোছৰ বাবে এন চি বিয়ে চমন প্ৰেৰণ কৰিছে দীপিকা পাডুকন, চাৰা আলী খান, ৰাকুলপ্ৰীত সিং আৰু শ্ৰদ্ধা কাপুৰলৈ।

এন চি বিয়ে চমন প্ৰেৰণ কৰিছে যদিও দীপিকা পাডুকন আৰু চাৰা আলী খান বৰ্তমান আছে গোৱাত। চমন লাভ কৰিয়েই বৃহস্পতিবাৰো পোনে পোনে মুম্বাই অভিমুখী হৈছে দুয়োগৰাকী অভিনেত্ৰী। বৃহস্পতিবাৰে কিছুসময়ৰ পূৰ্বে চাৰা আলী খান আৰু তেওঁৰ মাতৃ-ভাতৃৰ সৈতে গোৱাৰ এয়াৰপৰ্টত প্ৰত্যক্ষ কৰিছে সংবাদমাধ্যমে।