মুখ্য-পৃষ্ঠা

আওপকীয়াকৈ পূৰ্ণেন্দু-নিন্দু হত্যাকাণ্ডৰ দায়িত্ব স্বীকাৰ নেকি দেবোলালৰ?

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ নিন্দু লাংথাছা আৰু পূৰ্ণেন্দু লাংথাছাক ডিএইছডি(জে)ই হত্যা কৰিছিল। স্বাধীনতা দিৱস উপলক্ষে দিয়া ভাষণত বুধবাৰে এই কথা স্বীকাৰ কৰে উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ বৰ্তমানৰ মুখ্য কাৰ্যবাহী দেবোলাল গাৰ্লোছাই। নিন্দু-পূৰ্ণেন্দু হত্যাকাণ্ডক লৈ পাৰ্বত্য জিলা ডিমা হাছাও উত্তপ্ত হৈ থকাৰ সময়তে দেবোলালালে ১৫ আগষ্টৰ ভাষণত এই স্বীকাৰোক্তি প্ৰদান কৰি কয় যে হত্যাকাণ্ডটোৰ সৈতে তেওঁ নিজে জড়িত নাছিল।

'আমাৰ সংগঠন ডিমা হালাম ডাউগা(জুৱেল)-ই হত্যা কৰিছিল পূৰ্ণেন্দু আৰু নিন্দুক। সংগঠনৰ দাবী মানি নোলোৱা বাবেই দুয়োকে হত্যা কৰা হৈছিল। কিন্তু মই সেই হত্যাকাণ্ডৰ সৈতে জড়িত নাছিলো।'-৭২ সংখ্যাক স্বাধীনতা দিৱসত পতাকা উত্তোলন কৰি দিয়া ভাষণত এইদৰে কয় দেবোলালে।

হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰি তেওঁ ডিমা হাছাওবাসীৰ আৱেগকো ইয়াৰ সৈতে একাকাৰ কৰাৰ চেষ্টা চলায়। ইয়াৰ বাবে একালৰ উগ্ৰপন্থী সদস্যজনে টানি আনে নিৰ্মেন্দু লাংথাছা (ৰকি) হত্যাৰ প্ৰসংগ।

কেৱল নিন্দু-পূৰ্ণেন্দু হ্ত্যাকাণ্ডৰ ন্যায় বিচাৰি নিৰ্মেন্দু হত্যাকাণ্ডক কিয় পাহৰি গ'ল বুলি ডিমাছা ভাষাতে দিয়া ভাষণত ডিমাছাসকলক উদ্দেশ্যি তেওঁ প্ৰশ্ন কৰি কয়, 'ডিমাছাসকলে হত্যা কৰা বাবেই নিন্দু-পূৰ্ণেন্দু হত্যাকাণ্ডৰ ন্যায় বিচৰা হৈছে। কিন্তু মাৰৰ হাতত নিহত হোৱা বাবেই কোনেও ৰকি লাংথাছা হত্যাকাণ্ডৰ ন্যায় লাগে বুলি দাবী কৰা নাই। এয়াই কি আমাৰ জাতি প্ৰেম?'

দেবোলালৰ এনে মন্তব্যক লৈ এতিয়া সমগ্ৰ জিলাখনতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। স্বাধীনতা দিৱসৰ ভাষণত এনে মন্তব্য অশোভনীয় বুলিও ভিন্ন মহলত চৰ্চা হোৱা দেখা গৈছে। ছ'চিয়েল মিডিয়াতো এই লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। 'এজন হত্যাকাৰীৰ চৰ্দাৰৰ পৰা ইয়াতক আৰু কি আশা কৰিব পাৰি?'-এইদৰে ফেচবুকত ক্ষোভ প্ৰকাশ কৰিছে ডিমা হাছাওৰ কেবাজনো ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে।

উল্লেখ্য যে ডি এইচ ডি জুৱেলৰ এজন প্ৰাক্তন সদস্য নীপুত ৰাইজং ওৰফে একশ্যন ডিমাছাই আদালতত ২৭ জুলাইত দিয়া দেবোলাল গাৰ্লোছাই নিন্দু-পূৰ্ণেন্দু হত্যাকাণ্ড সংঘটিত কৰিছিল বুলি সাক্ষদান প্ৰদান কৰাৰ পিছতেই সমগ্ৰ পাৰ্বত্য জিলাখনতে সৃষ্টি হৈছিল চাঞ্চল্যৰ। ৰাজসাক্ষী একশ্যন ডিমাছাক সাক্ষ্য প্ৰদান নকৰিবলৈ দেবোলালে ভাবুকি প্ৰদান কৰা বুলিও বাতৰি প্ৰকাশ পাইছিল।

সমগ্ৰ ঘটনাটোত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তৎপৰ হৈ পৰিছিল ডিমা হাছাও জিলা কংগ্ৰেছ। বৰ্তমানৰ মুখ্যকাৰ্যবাহী দেবোলাল গাৰ্লোছাৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ উচিত তদন্ত আৰু তেওঁক গ্ৰেপ্তাৰৰ দাবীত বিৰোধী কংগ্ৰেছে ১০ ঘণ্টীয়া ডিমা হাছাও বন্ধৰো দাবী জনাইছিল। ইয়াৰ মাজতে স্বাধীনতা দিৱসৰ ভাষণত এনেদৰে আৱেগৰ খেল খেলিবলৈ চেষ্টা চলায় হত্যাকাণ্ডৰ অভিযোগত অভিযুক্ত গাৰ্লোছাই।