মুখ্য-পৃষ্ঠা

১৭ দিনে সন্ধানহীন হৈ থকা বিপুল বুঢ়াগোঁহাইৰ অৱশেষত গাড়ীৰ সৈতে মৃতদেহ উদ্ধাৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, ধেমাজি : ঘৰৰ পৰা পুৱাতেই গাড়ী ভাড়া মাৰিবলৈ আহি বিগত মাহৰ ২৩ নৱেম্বৰৰ পৰাই ১৭ দিনে গাড়ীৰ সৈতে সন্ধানহীন হৈ থকা ধেমাজি চমৰাজানৰ কেঁকুৰি আহোম গাওঁৰ বিপুল বুঢ়াগোহাঁইৰ অৱশেষত গাড়ীসহ মৃতদেহৰ সন্ধান ওলাল ৷

শনিবাৰে ধেমাজি নগৰৰ সমীপৰ বঙালমাৰী ঘাটত পৰিয়ালৰ লোকে ঘাটটোৰ মথাউৰিৰ পৰা পানী অভিমুখী গাড়ীৰ চকাৰ চিহ্ন দেখা পাই ধেমাজি আৰক্ষীক অৱগত কৰে আৰু শনিবাৰে পুৱাৰে পৰা SDRF বাহিনীৰ সহযোগত আৰক্ষীয়ে পানীৰ তলৰ সন্ধান চলাই গাড়ীসহ নিখোজ বিপুল বুঢ়াগোঁহাইৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

উল্লেখ্য যে, বিপুল বুঢ়াগোহাঁইৰ নিখোজ কাণ্ডৰ সৈতে জড়িত থকাৰ সন্দেহত ধেমাজি আৰক্ষীয়ে লাখটকীয়া গাওঁৰ এগৰাকী মহিলাক আটক কৰি ইতিমধ্যে জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷ পৰিয়ালৰ লোকে সমগ্ৰ ঘটনাটো এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ তুলিছে ।