মুখ্য-পৃষ্ঠা

ঘূৰ্নীবতাহ টাউকটায়ে অধিক শক্তিশালী হোৱাৰ সম্ভাৱনা..

asomiyapratidin

ডিজিটেল ডেস্ক : দেওবাৰে কেৰালা, কৰ্ণাটক আৰু গোৱাৰ উপকূলীয় অঞ্চলত বিধ্বংসী পৰিস্থিতিৰ সৃষ্টি কৰাৰ পিছত টাউটে ঘূৰ্ণী বতাহে উত্তৰদিশে গুজৰাট অভিমুখে আগবাঢ়িছে। ইফালে, মহাৰাষ্ট্ৰৰ উপকূলীয় অঞ্চলসমূহত তীব্ৰ বতাহ আৰু সাগৰত উচ্চ ঢৌৰ সৈতে পাতল বৰষুণ হয়। ধাৰাসাৰ বৰষুণ আৰু তীব্ৰ বতাহৰ ফলত ৰাতিপুৱা বহুতো বজ্ৰপাত হয়।

ঘূৰ্ণী বতাহৰ ফলত ছয়জন লোকৰ মৃত্যু হয় আৰু বহু ঘৰ ক্ষতিগ্ৰস্ত হয় । মানুহে তেওঁলোকৰ ঘৰ এৰি সুৰক্ষিত স্থানলৈ যাব লগা হয়। বহুতো অঞ্চলত বিদ্যুৎ যোগান ব্যাহত হয়।ইফালে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (আইএমডি) কৈছিল যে অতি তীব্ৰ ঘূৰ্ণীবতাহ টাউটে তীব্ৰতৰ হৈছে আৰু আজি সন্ধিয়াৰ ভিতৰত গুজৰাট উপকূলত পোৱাৰ সম্ভাৱনা আছে ।

আইএমডিয়ে কয় যে মঙলবাৰৰ আৰম্ভণিতে ভাৱনগৰ জিলাৰ পোৰবন্দৰ আৰু মহুৱাৰ মাজৰ ৰাজ্যিক উপকূল অতিক্ৰম কৰিব পাৰে। বতৰ বিভাগৰ পূৰ্বানুমান অনুসৰি, সোমবাৰৰ পৰা অহা দুদিনৰ বাবে মধ্য প্ৰদেশৰ পশ্চিম অংশৰ বিভিন্ন স্থানত বজ্ৰপাত আৰু ৪৫ ৰ পৰা ৫০ কিলোমিটাৰ প্ৰতি ঘণ্টাৰ তীব্ৰ বতাহৰ সম্ভাৱনা আছে।