মুখ্য-পৃষ্ঠা

নতুন অধ্যক্ষৰ বাচনিৰ বাবে কংগ্ৰেছ ৱৰ্কিং কমিটীৰ বৈঠক, নিশালৈ কৰিব পাৰে ঘোষণা…

asomiyapratidin

ডিজিটেল ডেস্কঃকংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে২০১৯ৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ পৰাজয়ৰ দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিছিল দলটোৰঅধ্যক্ষ পদৰপৰা। আৰু তাৰ পাছৰ পৰাই দলটোৰ পৰৱৰ্তী অধ্যক্ষ কোন হ'ব তাক লৈ চৰ্চা অব্যাহতআছে। সেই সন্দৰ্ভত ১০ আগষ্টত কংগ্ৰেছ ৱৰ্কিং কমিটীৰ এখন গুৰুত্বপূৰ্ণ বৈঠকঅনুষ্ঠিত হয়। এই বৈঠকখনক ৫টা গোটত বিভক্ত কৰা হৈছে। এই বৈঠকখনত শনিবাৰে নিশা ৯ বজাৰভিতৰত দলটোৰ পৰৱৰ্তী অধ্যক্ষ কোন হ'ব সেয়া ঘোষণা কৰাৰ সম্ভাৱনা আছে।

কংগ্ৰেছ ৱৰ্কিং কমিটীৰ বৈঠকখনত বৰ্তমান বহু কেইগৰাকী জ্যেষ্ঠ নেতা-নেত্ৰী উপস্থিত আছে। তদুপৰি নিশা ভাগলৈ দলটোৰ আৰু নেতা-কৰ্মীৰ এই বৈঠকত উপস্থিত হ'ব, যাতে কংগ্ৰেছৰ পৰৱৰ্তী অধ্যক্ষ কোন হ'ব তাক লৈ নিজৰ মতামত প্ৰদান কৰিব পাৰে।

কংগ্ৰেছৰ ৱৰ্কিং কমিটীৰ বৈঠকখনত কি কি হ'ল-

১. শনিবাৰে পুৱা ১১ বজাত আৰম্ভ হয় কংগ্ৰেছৱৰ্কিং কমিটীৰ বৈঠকখন। বৈঠকত উপস্থিত হয় ৰাহুল গান্ধী, কংগ্ৰেছ নেত্ৰী ছোনিয়াগান্ধী, প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিং, আহমেদ পেটেল, পি চিদাম্বৰাম, গুলামনবী আজাদ, আনন্দ শৰ্মা, জ্যোতিৰাদিত্য সিন্ধিয়া, প্ৰিয়ংকা গান্ধী বাদ্ৰা, শচীনপায়লট, জীতিন প্ৰসাদকে ধৰি বহু কেইগৰাকী নেতা।

২. কংগ্ৰেছ ৱৰ্কিং কমিটীৰ বৈঠক এৰিগুচি যায় কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধী। তেওঁলোকে জনায় যে, দলটোৰনতুন অধ্যক্ষ নিৰ্বাচন প্ৰক্ৰিয়াত তেওঁলোকে অংশ নলয়। আৰু লগতে কয়- তেওঁলোকৰ নামভুলতে উপস্থিত লোকসকলৰ তালিকাত অন্তৰ্ভুক্ত কৰা হয়।

৩. বৈঠক এৰি যোৱা সময়ত ৰাহুল গান্ধীয়েকয় যে, তেওঁ কেৰালালৈ যাব। ইফালে, বৈঠক চলি থকা সময়ত ১০-২০গৰাকী মান নেতাইপ্ৰিয়ংকা বাদ্ৰাকে দলটোৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিয়াৰ দাবী জনায়।

৪. কংগ্ৰেছ নেতা জগদীশ শৰ্মাই কয়যে, বিদায়ৰ পাছত প্ৰিয়ংকা বাদ্ৰা এতিয়া গান্ধী পৰিয়ালৰ হৈ থকা নাই। এতিয়া তেওঁবাদ্ৰা পৰিয়ালৰ সদস্য। সেয়েহে তেওঁক দলৰ অধ্যক্ষৰ দায়িত্ব অৰ্পণ কৰিব লাগে।

৫. প্ৰায় ৩ মাহ ধৰি দলটোৰ পৰৱৰ্তীঅধ্যক্ষ কোন হ'ব তাক লৈ চৰ্চা চলি আহিছে যদিও, বৰ্তমানলৈ ইয়াক লৈ চূড়ান্তসিদ্ধান্ত লোৱা হোৱা নাই। কংগ্ৰেছৰ অধ্যক্ষ পদৰ বাবে কেইবাগৰাকীও নেতাৰ নাম উল্লেখকৰা হৈছে যদিও, মুকুল বাসনিকৰ নাম এই তালিকাত প্ৰথমত আছে। মুকুল বাসনিকৰ উপৰিও, এইতালিকতা নাম আছে সুশীল কুমাৰ ছিন্দে, অশোক গহলোট, মল্লিকাৰ্জুন খৰ্গেকে ধৰিকেইবাগৰাকী নেতাৰ নাম। আনহাতে, ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে স্পষ্ট কৰিদিয়া যে, তেওঁ দলটোৰ অধ্যক্ষ পদৰ এই দৌৰত অন্তৰ্ভুক্ত হোৱা নাই।

শনিবাৰে অনুষ্ঠিত কংগ্ৰেছ ৱৰ্কিং কমিটীৰ এই বৈঠকত পৰৱৰ্তী অধ্যক্ষ কোন হ'ব তাক লৈ আলোচনা চলি আছে। নিশা ৯ বজালৈকে এই এই পদৰ দায়িত্ব কাক অৰ্পণ কৰা হ'ব সেই বিষয়ে জানিব পৰা যাব বুলি সম্ভাৱনা কৰা হৈছে। ৰাহুল গান্ধীয়ে অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰি কৈছিল যে গান্ধী পৰিয়ালৰ সদস্য কংগ্ৰেছৰ নতুন অধ্যক্ষৰ দায়িত্ব নলয়। সেয়েহে বৰ্তমান মুকুল বাসনিকৰক এই দায়িত্ব প্ৰদান কৰাৰ সম্ভাৱনা আছে।