মুখ্য-পৃষ্ঠা

অনন্তনাগৰ ঘটনা সন্দৰ্ভত সবিশেষ জনাবলৈ গৃহ সচিবক সাক্ষাৎ চিআৰপিএফৰ সঞ্চালকপ্ৰধানৰ

asomiyapratidin

ডিজিটেল ডেস্কঃ অনন্তনাগৰ সন্ত্ৰাসবাদী আক্ৰমণৰ সন্দৰ্ভত কেন্দ্ৰীয় গৃহ সচিব ৰাজীৱ গৌৰাক সাক্ষাৎ কৰি সবিশেষ জনাব চি আৰ পি এফৰ সঞ্চালকপ্ৰধান আৰ আৰ ভাটনাগৰে। ইতিমধ্যে তেওঁ গৈ উপস্থিত হৈছেগৈ গৃহ মন্ত্ৰণালয়ত।

উল্লেখ্য যে, ১২ জুনত জম্মু-কাশ্মীৰৰ অনন্তনাগৰ কেপি ৰোডত সংঘটিত এই আক্ৰমণত ৫ জন চি আৰ পি এফ জোৱান নিহত হৈছিল। সন্ত্ৰাসবাদীয়ে চলোৱা এই আক্ৰমণৰ সন্দৰ্ভতে গৃহ সচিবক সবিশেষ জনাবলৈ তলব কৰা হৈছিল চি আৰ পি এফৰ সঞ্চালকপ্ৰধান গৰাকীক।