মুখ্য-পৃষ্ঠা

কৰ্কট ৰোগত আক্ৰান্ত বিজেপি নেতা অনিল বালুনীৰ স্বাস্থ্যৰ বুজ ল’লে ক্ৰিকেটাৰ যুৱৰাজ সিঙে…

asomiyapratidin

ডিজিটেল ডেস্কঃ বিজেপিৰ ৰাজ্যসভাৰ সাংসদ অনিল বলুনীয়ে যুঁজ দি আছে কৰ্কট ৰোগৰ সৈতে। বৃহস্পতিবাৰে ক্ৰিকেটাৰ যুবৰাজ সিঙে টুইটাৰযোগে জনাই এই কথা। অনিল বালুনীৰ চিকিৎসা মুম্বাইৰ এখন চিকিৎসালয়ত চলি আছে। ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে চিকিৎসালয়লৈ গৈ বুলনীক সাক্ষাৎ কৰে আৰু তেওঁৰ স্বাস্থ্যৰ বুজ লয়।

যুৱৰাজ সিঙে অনিল বালুনীৰে মিলিত হৈ এখন ফটো শ্বেয়াৰ কৰিছে ছ'চিয়েল মিডিয়াত। তেওঁ ফটোখনৰ লগতে লিখে- 'কৰ্কট ৰোগৰ সৈতে যুঁজ দি যাওঁক। আপুনি শীঘ্ৰেই সুস্থ হৈ নতুন উৎসাহেৰে জনসাধাৰণৰ সেৱা কৰিব।' উল্লেখযোগ্য যে, ক্ৰিকেটাৰ যুৱৰাজ সিঙো কৰ্কট ৰোগত আক্ৰান্ত হৈছিল। আৰু কেন্সাৰত আক্ৰান্ত ৰোগীসকলৰ চিকিৎসাৰ বাবে কাম কৰি আহিছে।