মুখ্য-পৃষ্ঠা

ব্যক্তিগত হাস্পতালৰ ক্ষেত্ৰত কোভিছিল্ড-কোভেকচিনৰ মূল্য নিৰ্ধাৰণ…

asomiyapratidin

ডিজিটেল ডেস্কঃ কেন্দ্ৰ চৰকাৰে ব্যক্তিগত হাস্পতালসমূহৰ বাবে কোৰোনা ভেকচিনৰ মূল্য নিৰ্ধাৰণ কৰি দিছে। কোভিছিল্ডৰ প্ৰতি ড'জৰ মূল্য ৭৮০ টকা। ইয়াৰে ৬০০ টকা ভেকচিন মূল্য, ৫ শতাংশ জিএছটি আৰু ছাৰ্ভিচ ছাৰ্জ ১৫০ টকা। ইফালে, কোভেকচিনৰ মূল্য ১৪১০টকা নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰে ১২০০ টকা ভেকচিনৰ মূল্য, ৬০ টকা জিএছটি আৰু ১৫০ টকা ছার্ভিছ ছাৰ্জ।

আনহাতে, স্পুটনিক-ভি ভেকচিনৰ মূল্য ব্যক্তিগত হাস্পতালত প্ৰতি ড'জত নিৰ্ধাৰণ কৰা হৈছে ১১৪৫টকা। ইয়াৰে ৯৪৮ টকা ভেকচিনৰ, ৪৭ টকা জিএছটি আৰু ১৫০ টকা ছাৰ্ভিছ ছাৰ্জ। নতুন ভেকচিনৰ মূল্য নিৰ্ধাৰণ কৰাৰ লগতে ইয়াৰ ওপৰত চোকা দৃষ্টি ৰখাৰো সিদ্ধান্ত লোৱা হৈছে। যদি কোনো ব্যক্তিগত হাস্পতালত নিৰ্ধাৰিত মূল্যতকৈ অধিক মূল্য লোৱা হয় তেন্তে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ 'ব।

কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰক কৈছে যে, ১৫০ টকাতকৈ অধিক ছাৰ্ভিছ ছাৰ্জ ল'ব নোৱাৰিব ব্যক্তিগত হাস্পতালসমূহে। ইয়াৰ সন্দৰ্ভত দৃষ্টি ৰাখিব লাগিব ৰাজ্য চৰকাৰেসমূহে। ইফালে, নীতি আয়োগৰ সদস্য ডাঃ ভি কে প'লে মঙলবাৰে কয় যে- কিছুমান ৰাজ্যৰ তৰফৰ পৰা যোৱা মাহত কোৱা হৈছিল যে কোভিড ভেকচিন কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰাই ক্ৰয় কৰিব লাগে। তেওঁ লগতে কয় যে, কোভিছিল্ডৰ ২৫ কোটি ড'জ আৰু কোভেকচিন ১৯ কোটি ড'জৰ অৰ্ডাৰ কোম্পানীসমূহক দিয়া হৈছে।

স্বাস্থ্য মন্ত্ৰণালয়ৰ লাভ আগৰৱাল নামৰ এগৰাকী বিষয়াকয় যে, স্বাস্থ্য মন্ত্ৰণালয়ৰ ৱেবছাইটত সকলো তথ্য উপলব্ধ আছে। ক্লিনিকেল মেনেজমেন্টো আছে তাত। বিস্তৃত চৰ্চা কৰাৰ পাছত গাইডলাইন জাৰি কৰা হয়, যি ডিজিএইচএছৰ  ৱেবছাইটত গাইডলাইন এনালাইছিছ ষ্টেজত আছে। আৰু চূড়ান্ত গাইডলাইন স্বাস্থ্য মন্ত্ৰণালয়ৰ ছাইটত জাৰি কৰা হয়।