মুখ্য-পৃষ্ঠা

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ৪ খন স্বাস্থ্য কেন্দ্ৰত চলি আছে কোভিড-১৯ ৰ টীকাকৰন…

asomiyapratidin

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ চাৰি খনকৈ স্বাস্থ্য কেন্দ্ৰত কোভিড ১৯ ৰ টীকাকৰন চলি থকা পৰিলক্ষিত হৈছে। জিলা খনৰ গজাৰীকান্ধি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, মানকাচৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰ, সাদুল্যেবাৰী স্বাস্থ্য কেন্দ্ৰ আৰু দক্ষিণ শালমাৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এই টীকাকৰণৰ ব্যৱস্থা কৰা হৈছে।

ইতিমধ্যে স্বাস্থ্যকৰ্মী, অংনাবাদী কৰ্মীক এই টীকাকৰন দিয়াৰ পাছত আজিৰ পৰা আৰক্ষী-বেটেলিয়ান, সেনা আৰু নিৰাপত্তাৰক্ষীক এই টীকাকৰন প্ৰদান কৰিবলৈ আৰম্ভ কৰা হৈছে।ইফালে নিৰ্বাচনৰ বাবে পলিং পাৰ্টি সকলক এই টীকাকৰন অহা কালিৰ পৰা আৰম্ভ কৰা হব বুলি জিলা টীকাকৰন বিষয়া ডাক্তৰ চিৰাজুল ইছলামে জানিবলৈ দিছে।