মুখ্য-পৃষ্ঠা

লকডাউনৰ মাজতে অৰবিন্দ কেজৰিৱালৰ ঘোষণাঃ অট’-ৰিক্সা-টেক্সী চালকক দিয়া হ’ব ৫হাজাৰ টকা…

asomiyapratidin

ডিজিটেল ডেস্কঃ দেশত কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ মাজতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ৰাজ্যখনৰ অট', টেক্সী আৰু ৰিক্সা চালকসকলক ৫হাজাৰ টকাকৈ সাহায্য প্ৰদান কৰাৰ ঘোষণা কৰে। অৰবিন্দ কেজৰিৱালে কয় যে, কোৰোনাৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে চলি থকা লকডাউনৰ মাজত অট', টেক্সী আৰু ৰিক্সা চালকসকলৰ ফোন আহি আছে আৰু জনাইছে যে তেওঁলোকৰ খাবলৈ খাদ্য নাই। বহুত কষ্টত আছে তেওঁলোক।

কেজৰিৱালে লগতে জনাই যে, এই সকল লোকক সহায়ৰ বাবে চৰকাৰে চিন্তা-চৰ্চা কৰিছে। তেওঁলোকৰবেংক একাউণ্ট নম্বৰ বৰ্তমান চৰকাৰৰ হাতত নাই। কিন্তু সকলোৰে বেংক একাউণ্টৰ তথ্যলাভ কৰাৰ পাছত ৫ হাজাৰ টকাকৈ জমা কৰি দিয়া হ'ব। এই কামৰ বাবে ১০ দিন লাগিব পাৰেবুলিও জনালে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে, সমগ্ৰ দেশত ২ সহস্ৰাধিক লোক আক্ৰান্ত হৈছে কোৰোনা ভাইৰাছত। আৰুএই সংখ্যা দিনকদিনে বৃদ্ধি পাবলৈ ধৰিছে। আনহাতে, ৬৯জনকৈ লোকৰ মৃত্যু হৈছে COVID-19ত আক্ৰান্ত হৈ। কেৱল দিল্লীতেই ২১৯জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ৰাজ্যখনতমৃত্যু হৈছে ৪জন লোকৰ।