মুখ্য-পৃষ্ঠা

নিৰ্বাচনী প্ৰচাৰৰ সময়ত মানিব লাগিব কোভিড প্ৰট’কল : কলিকতা উচ্চ ন্যায়ালয়…

asomiyapratidin

ডিজিটেল ডেস্ক : পশ্চিমবংগ বিধানসভা নিৰ্বাচন প্ৰচাৰৰ সময়ত প্ৰতিটো ৰাজনৈতিক দলে মানিব লাগিব কোভিড প্ৰটকল। কোভিডৰ সংক্ৰমন বৃদ্ধিৰ বাবে কলিকতা উচ্চ ন্যায়ালয়ে এই নিৰ্দেশ দিয়ে । নিৰ্বাচনী প্ৰচাৰৰ সময়ত প্ৰতিটো ৰাজনৈতিক দলে সকলো স্বাস্থ্য নিৰ্দেশনা গুৰুত্বসহকাৰে মানিব লাগিব ।

মুখ্য ন্যায়াধীশ টিবিএন ৰাধাকৃষ্ণণৰ নেতৃত্বত এখন বিচাৰপীঠে এই সন্দৰ্ভত দুখন পিআইএল আৱেদনৰ শুনানি গ্ৰহণ কৰি এই নিৰ্দেশ দিয়ে । এই ক্ষেত্ৰত সকলো জিলা সংগ্ৰাহকে নিশ্চিত কৰিব যে নিৰ্বাচন আয়োগ আৰু মুখ্য নিৰ্বাচনী বিষয়াই নিৰ্ধাৰণ কৰা নিৰ্দেশনাসমূহ কঠোৰভাৱে পালন কৰিছে নে নাই আৰু প্ৰয়োজন হ'লে এই ক্ষেত্ৰত আৰক্ষী বিষয়াৰ সহায় বিচৰিব পাৰিব ।