মুখ্য-পৃষ্ঠা

দিল্লীৰ উপ-মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৰিণিকি ভূঞা শৰ্মাই দিয়া মানহানি গোচৰত স্থগিতাদেশ আদালতৰ…

asomiyapratidin

ডিজিটেল ডেস্ক: সোমবাৰে আম আদমি পাৰ্টীয়ে জাৰি কৰা এক সংবাদ বিবৃতি অনুসৰি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মণিষ ছিছোদিয়াৰ বিৰুদ্ধে ৰিণিকি ভূঞাই দিয়া মানহানিৰ গোচৰত স্থগিতাদেশ জাৰি কৰে আদালতে ।

বিবৃতিত উল্লেখ থকা অনুসৰি সোমবাৰে গুৱাহাটী সত্ৰ ন্যায়ালয়ে এই গোচৰত প্ৰথমটো শুনানি গ্ৰহণ কৰি আদালতে স্থগিতাদেশ জাৰি কৰে লগতে ৩ ছেপ্তেম্বৰ পৰৱৰ্তী শুনানিৰ দিন নিৰ্ধাৰণ কৰে।

'আপ, অসম'ৰ আইনী কোষৰ সমন্বয়ক আৰু যুটীয়া সমন্বয়ক নাৰায়ণ দত্ত ভূঞা আৰু আলাউদ্দিন আহমেদ আৰু দলৰ ৰাজ্যিক যুটীয়া সমন্বয়ক জিতুল ডেকাই এক সংবাদমেল পাতি এই কথা জানিবলৈ দিয়ে।

উল্লেখ্য যে, আজিৰ এই শুনানিত দুই পক্ষৰে অধিবক্তা উপস্থিত থাকে। মণিষ ছিছোদিয়াৰ অধিবক্তাই আদালতত উল্লেখ কৰে যে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী গৰাকীয়ে বহুল প্ৰচাৰিত বাতৰিৰ ভিত্তিত ৰিণিকি ভূঞা শৰ্মাৰ নাম সংবাদ মেলত উল্লেখ কৰিছিল। তেওঁ নিজৰ ফালৰ পৰা একো মন্তব্য কৰা নাই। আদালতে দুয়ো পক্ষৰ যুক্তি শুনাৰ পাছতেই গোচৰটোত জাৰি কৰে স্থগিতাদেশ।

উল্লেখ্য যে, কভিডৰ সময়ত সেই সময়ৰ অসমৰ স্বাস্থ্য মন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পি পি ই কিট ক্ৰয় বিক্ৰয়ত কেলেংকাৰী কৰা বুলি একাংশ সংবাদ মাধ্যমে প্ৰচাৰ কৰিছিল। ইয়াত নাম সাঙোৰ খাইছিল হিমন্ত বিশ্ব শৰ্মাৰ পত্নী, পুত্ৰ আৰু বন্ধুৰ নামো।