মুখ্য-পৃষ্ঠা

নিজামুদ্দিন মাৰ্কাজৰে জড়িত ৬৫০জন লোকৰ দেহত ধৰা পৰিছে COVID-19…

asomiyapratidin

ডিজিটেল ডেস্কঃ যোৱা দুদিনত দিল্লীত নিজামুদ্দিন মাৰ্কাজৰ তবলিগি জামাতৰ ধৰ্মীয় সমাবেশৰে জড়িত ৬৫০ৰো অধিক জন লোকৰ দেহত কোৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। চৰকাৰে শুকুৰবাৰে সদৰী কৰে এই তথ্য। স্বাস্থ্য বিভাগৰ এগৰাকী বিষয়াই জনাই যে, কোৰোনা ভাইৰাছত আক্ৰান্ত হৈছে তবলিগি জামাতৰ ধৰ্মীয় সমাবেশৰে জড়িত ৬৪৭জন লোক।

উল্লেখ্য যে, কোৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে সচেতনতা বৃদ্ধিৰ বাবে নীতি-নিৰ্দেশনা দিয়াৰ পাছতো দিল্লীস্থিত নিজামুদ্দিন মাৰ্কাজত তবলিগি জামাতত মাৰ্চ মাহত আয়োজন কৰা হৈছিল ধৰ্মীয় সমাবেশৰ। য'ত বিদেশৰ লগতে ভাৰতৰো হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰিছিল। কেন্দ্ৰীয় চৰকাৰে লকডাউন ঘোষণা কৰাৰ পাছতে এই ধৰ্মীয় সমাবেশত অংশ লোৱা লোকসকলে দেশৰ বিভিন্ন প্ৰান্তলৈ গৈ সামাজিক দূৰত্ব আৰু আনবোৰ চৰকাৰী নীতি-নিৰ্দেশনা উলংঘন কৰে।