মুখ্য-পৃষ্ঠা

দেশত কোৰোনাৰ সন্ত্ৰাস, কিন্তু ২০ গৰাকী যুৱতীক লৈ ৰজা আছেগৈ বহিঃদেশৰ বিলাসী হোটেলত..

asomiyapratidin

ডিজিটেল ডেস্কঃ কোৰোনা ভাইৰাছৰ সন্ত্ৰাস অব্যাহত থকাৰ মাজতে এগৰাকী ৰজাই প্ৰজাক এৰি এক প্ৰকাৰৰ পলায়ন কৰিছে বৰ্হি দেশলৈ। প্ৰজাৰ কথা নাভাবি সংকটৰ সময়ত বৰ্হি দেশলৈ গমন কৰা এই ৰজাগৰাকী হৈছে থাইলেণ্ডৰ বহু বিতৰ্কিত মহাৰজা ভাৰ্জিৰাল'গকৰ্ণ। নিজে দেশ এৰি পলায়ন কৰা এই বিৰ্তকিত ৰজাগৰাকীয়ে লগতে নিজে একাংশ কৰ্মচাৰীৰ লগতে ২০ গৰাকী যুৱতীক।

প্ৰাপ্ত খবৰনুসৰি, থাইলেণ্ড এৰি ৰজাগৰাকীয়ে বাহৰ পাতিছে জাৰ্মানীৰ এখন বিলাসী হোটেলত। সেই হোটেলখনতে যোৱা ফেব্ৰুৱাৰীমাহৰ পৰা ২০ গৰাকী যুৱতীৰ সৈতে বাস কৰিছে ৰজাগৰাকীয়ে। জাৰ্মানীৰ এখন বিলাসী হোটেল সম্পূৰ্ণ বুকিং কৰি বৰ্তমানো তাতে বাহৰ পাতি আছে থাইলেণ্ডৰ ৰজাগৰাকী। তাত থাকিবৰ বাবে জাৰ্মানীৰ স্থানীয় প্ৰশাসনৰ পৰাও অনুমতি লৈছে মহাৰজা ভাৰ্জিৰাল'গকৰ্ণে।

২০১৬ চনৰ পিতৃসূত্ৰে থাইলেণ্ডৰ ৰাজপাটত বহা ৰজা ভাৰ্জিৰাল'গকৰ্ণৰ বয়স ৬৭ বছৰ। জাৰ্মানীত শেহতীয়াকৈ কোৰোনাৰ প্ৰকোপ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান হোটেলত অকলেই আৱদ্ধ কৰি ৰাখিছে বুলি খবৰ প্ৰকাশ কৰিছে জাৰ্মানীৰ সংবাদমাধ্যমে। লগতে তেওঁৰ লগত যোৱা, ১১৯ গৰাকী লোকক থাইলেণ্ডলৈ ঘূৰাই পঠাইছে।

থাইলেণ্ডত বৰ্তমান কোৰোনাত আক্ৰান্ত হৈছে প্ৰায় ১২৪৫ গৰাকী ব্যক্তি। এনেসময়ত ৰজাগৰাকীয়ে এনেদৰে পলায়ন কৰাক লৈ থাইলেণ্ডৰ জনতাই যথেষ্ট সমালোচনাও কৰিছে। কিন্তু মুকলিকৈ ৰজাক কোনোও সমালোচনা কৰিব নোৱাৰে, কিয়নো ৰজাৰ কথা আলোচনা বা অপমান কৰিলে থাইলেণ্ডত ১৫ বছৰৰ জেল। উল্লেখ্য যে, ৰজা ভাৰ্জিৰাল'গকৰ্ণ ৰাজপাটত বহাৰ পূৰ্বে তেওঁৰ দেহৰক্ষীক চতুৰ্থগৰাকী পত্মী হিচাপে বিয়া কৰাই চৰ্চা লাভ কৰিছিল।