মুখ্য-পৃষ্ঠা

প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰৰ বিয়াক লৈ চলা মহা আয়োজনত চেচাঁপানী ঢালিলে কোৰোনাই…

asomiyapratidin

ডিজিটেল ডেস্কঃ কোৰোনা ভাইৰাছৰ সন্ত্ৰাসৰ বাবে বহুতৰ বিয়া পিছুৱাব লগা হ'ল। একাংশই ধুমধামেৰে বিয়াৰ অনুষ্ঠান অনুষ্ঠিত কৰাৰ কথা ভাৱি আছিল যদিও কোৰোনাৰ সন্ত্ৰাসৰ বাবে সেয়াও স্থগিত ৰাখিবলগীয়া হ'ল। কোৰোনাই বিবাহ অনুষ্ঠানত চেচাঁপানী ঢলা তেনে এখন বিয়া হৈছে কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এছ ডি কুমাৰস্বামীৰ পুত্ৰৰ বিয়া।

এছ ডি কুমাৰস্বামীৰ পুত্ৰ নিখিলৰ বিয়া আছে অহা ১৭ এপ্ৰিলত। প্ৰাক্তনমন্ত্ৰী এম কৃষ্ণপাৰ নাতিনীয়েক ৰেৱতীৰ বিয়া ঠিক হৈছিল নিখিলৰ। ধুমধামেৰে আয়োজন কৰা হৈছিল বিয়াৰ অনুষ্ঠান। ৰামগৰৰ সমীপতে ৯৫ একৰ ভূমিত আয়োজন কৰা হৈছিল বিবাহ অনুষ্ঠান। ইয়াৰ পিছতে ১৮ মাৰ্চত বেংগালুৰুত বিয়াৰ অভ্যৰ্থনা অনুষ্ঠান আয়োজন কৰা হৈছিল। কিন্তু কোৰোনাই সকলো আয়োজনতে চেচাঁপানী ঢালিলে।

সেয়ে হলেও কিন্তু নিখিলৰ বিয়াৰ দিন পিছুৱাব খোজা নাই পৰিয়ালে। সেয়েহে নিজা ঘৰতে ১৫-২০ গৰাকী সদস্যৰ উপস্থিতিত সাধাৰণ ভাৱে বিয়া অনুষ্ঠান আয়োজন কৰিছে পিতৃ এছ ডি কুমাৰস্বামীয়ে। এই কথা শেহতীয়াকৈ সংবাদমাধ্যমক জনাইছে এছ ডি কুমাৰস্বামীয়ে।