মুখ্য-পৃষ্ঠা

মুম্বাইত কোভিড-১৯ত আক্ৰান্ত হৈ আৰক্ষীৰ দুজন লোকৰ মৃত্যু…

asomiyapratidin

ডিজিটেল ডেস্কঃ কোৰোনা ভাইৰাছত দেশৰ ভিতৰত সৰ্বাধিক লোক আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰত। ৰাজ্যখনত ২৭,৫২৪জন লোক আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হৈছে ১০১৯জন লোকে হেৰুৱাইছে প্ৰাণ। লক্ষণীয় যে, বৃহস্পতিবাৰৰ দিনটোতে মহাৰাষ্ট্ৰত নতুনকৈ ১৬০২জন লোক কোভিড-১৯ত আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হৈছে ৪৪জন।

ইফালে, ৰাজ্যখনৰ মুম্বাই চহৰত বৃহস্পতিবাৰে এই ভাইৰাছে প্ৰাণ কাঢ়িলে দুজন আৰক্ষীৰ লোক। মুম্বাই আৰক্ষীয়ে টুইটাৰত লিখিছে- 'এএছআই মুৰুলীধৰ বাঘমাৰে আৰু পিএএন ভগৱান পৰটেৰ মৃত্যুত মুম্বাই আৰক্ষীয়ে শোক ব্যক্ত কৰিছে। তেওঁলোক দুয়োৱে কোৰোনাত আক্ৰান্ত হৈছিল।'