মুখ্য-পৃষ্ঠা

বিধানসভাৰ অধ্যক্ষৰ দেহত কোভিড-১৯! চিন্তিত ২দিন পূৰ্বে একেলগে অনুষ্ঠানত উপস্থিত থকা মুখ্যমন্ত্ৰী…

asomiyapratidin

ডিজিটেল ডেস্কঃ কোৰোনা ভাইৰাছ সংক্ৰমিত হোৱাৰ আশংকা কৰি এইবাৰ পৰীক্ষাৰ বাবে স্বাৱ দিলে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে। একেলগে এটা অনুষ্ঠানত উপস্থিত থকা এগৰাকী বিজেপি নেতাৰ দেহত কোৰোনা ধৰা পৰাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীৰ লগতে তেওঁৰ সচিবসকলে স্বাৱ পৰীক্ষাৰ বাবে দিছে বুলি জানিব পৰা গৈছে। ১ জুলাইত বিহাৰৰ বিধানসভাৰ নতুন সদস্যসকলৰ শপত গ্ৰহণ অনুষ্ঠানত আন একাংশ ৰাজনৈতিক নেতাৰ সৈতে মুখ্যমন্ত্ৰীগৰাকী উপস্থিত আছিল।

উল্লেখ্য যে, বিহাৰ বিধানসভাৰ অধ্যক্ষ অৱধেশ নাৰায়ণ সিঙৰ দেহত শেহতীয়াকৈ কোভিড-১৯ ধৰা পৰিছে। অধ্যক্ষগৰাকীৰ কাষৰ আসনখনতে বহিছিল নীতিশ কুমাৰ। সেইবাবে তেওঁ চিন্তিত হৈ কোৰোনা পৰীক্ষাৰ বাবে স্বাৱ দিয়া বুলি জানিব পৰা গৈছে। অৱশ্যে শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থকা প্ৰতিগৰাকী নেতাই পৰিধান কৰি আছিল মাস্ক। লগতে ইগৰাকীৰ পৰা সিগৰাকীয়ে শাৰীৰিক ব্যৱধানো ৰাখিছিল।