মুখ্য-পৃষ্ঠা

এবছৰলৈ কোভিড-১৯ প্ৰতিৰোধৰ বাবে দিয়া চৰকাৰী নীতি-নিয়ম মানিব লাগিব কেৰালাবাসীয়ে…

asomiyapratidin

ডিজিটেল ডেস্কঃ দেশত কোৰোনা সংকটৰ মাজতে কেৰালা চৰকাৰে ৰাজ্যবাসীয়ে কোভিড-১৯ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দিয়া নীতি-নিয়মবোৰ আগন্তুক এবছৰৰ বাবে মানি চলাটো জৰুৰী বুলি নিৰ্দেশ জাৰি কৰে। কেৰালা চৰকাৰে শনিবাৰে কয় যে, আৰু এবছৰৰ বাবে এই নিয়মসমূহ জাৰি ৰখা হ'ব। সকলোৱে সামাজিক দূৰত্ব বৰ্তাই ৰখা, মাক্স পৰিধান কৰা নিয়মবোৰ পালন কৰাটো বাধ্যতামূলক।

কেৰালাত কাৰ্যালয়সমূহত কৰ্মচাৰীসকলে মাস্ক পৰিধান কৰা, সামাজিক ব্যৱধান বৰ্তাই ৰখা, বিবাহ অনুষ্ঠানত সৰ্বাধিক ৫০জন লোক উপস্থিত থকা, কোনো লোকৰ মৃত্যু হ'লে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াত ২০জন ব্যক্তি থকা আদি নিয়মসমূহো আৰু এবছৰৰ বাবে পালন কৰিব লাগিব ৰাজ্যখনৰ ৰাইজৰ।