মুখ্য-পৃষ্ঠা

কোৰোনা ভাইৰাছঃ ভাৰতত আটাইতকৈ বেছি লোক আক্ৰান্ত মহাৰাষ্ট্ৰত…

asomiyapratidin

ডিজিটেল ডেস্কঃ ভাৰতত কোৰোনা ভাইৰাছত আটাইতকৈ বেছি লোক আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰত। লগতে ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত হৈ বৰ্তমানলৈ ৮জন লোকৰ মৃত্যু হৈছে। দেওবাৰৰ সন্ধিয়া ৮ বজালৈকে ৰাজ্যখনত COVID-19ত আক্ৰান্ত হৈছে ২০৩জনকৈ লোক। তদুপৰি সমগ্ৰ দেশত কোৰোনাত আক্ৰান্ত হৈছে ১০৮৫জনকৈ লোক।

হাজাৰৰো অধিক লোক ভাৰতত আক্ৰান্ত হোৱাৰ লগতে ২৫জনলৈ বৃদ্ধি পালে মৃত্যু হোৱা লোকৰ সংখ্যা। ইয়াৰ পূৰ্বে মহাৰাষ্ট্ৰৰ স্বাস্থ্য মন্ত্ৰী ৰাজেশ ট'পেয়ে কয় যে ৰাজ্যখনত কোৰোনা আক্ৰান্ত হোৱা ৩৪জন লোকক চিকিৎসালয়ৰ পৰা ঘৰলৈ পঠিওৱা হৈছে। আৰু তেওঁলোকে চিকিৎসালয়ৰ পৰা যোৱাৰ পাছত নিজক আৰু ১৪দিনৰ বাবে আছুতীয়াকৈ ৰাখিব লাগিব।

সমগ্ৰ বিশ্বত কোৰোনাৰ আতংক দিনকদিনে বৃদ্ধি পাবলৈ ধৰিছে। সমগ্ৰ বিশ্বত বৰ্তমানলৈ ৬,৮৩,৯৩৭জনকৈ লোক আক্ৰান্ত হৈছে এই ভাইৰাছত আৰু মৃত্যু হৈছে ৩২,১৬২জনকৈ লোকৰ।