মুখ্য-পৃষ্ঠা

হোটেল-ৰেষ্টুৰেন্ট, ধৰ্মীয় স্থান আৰু শ্বপিং ম’ললৈ যোৱাৰ পূৰ্বে পঢ়ি লওঁক এইসমূহ নিয়ম…

asomiyapratidin

ডিজিটেল ডেস্কঃ হোটেল-ৰেষ্টুৰেন্ট, ধৰ্মীয় স্থান আৰু শ্বপিং মলসমূহ খুলি দিয়া হৈছে। শেহতীয়াকৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে এই স্থানসমূহত কি কি সাৱধানতা অৱলম্বন কৰি চলিব লাগিব, তাক লৈ এক নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনাত উল্লেখ কৰা হৈছে যে, হোটেল-ৰেষ্টুৰেন্টত থকাৰ সময়ত সকলোৱে ঘনে ঘনে হাত ধুই থাকক আৰু কৰ্তৃপক্ষই ইয়াৰ বাবে উচিত ব্যৱস্থা মজুত ৰাখক।

হোটেল-ৰেষ্টুৰেন্টৰ যিখন মেনু অথাৎ খাদ্যৰ তালিকা, সেই তালিকাখন কাগজৰ হোৱাটো বাঞ্চনীয়। ৱগতে এখন আসনৰ পৰা আনখন আসনলৈ থাকিব লাগিব পৰ্যাপ্ত দুৰত্ব। গ্ৰাহকসকল যেতিয়া হোটেল-ৰেষ্টুৰেন্টৰ পৰা ওলাব তাৰ পিছতে সেই স্থান আৰু আসন চেনিটাইজ কৰাটো বাঞ্চনীয়। ৰেষ্টুৰেন্টৰ কৰ্মচাৰীয়ে মাস্ক আৰু হাত মোজা পিন্ধাটো অতিকৈ জৰুৰী। এই নিৰ্দেশনাত উল্লেখ কৰা হৈছে যে, কনটেইনমেৱন্ট জনত থকা হোটেল-ৰেষ্টুৰেন্ট খোলিব নোৱাৰিব।

ধৰ্মীয় স্থানলৈ ৬৫বছৰ উৰ্ধৰ আৰু ১০বছৰৰ তলৰ কোনো লোক যোৱাৰ বাবে অনুমতি প্ৰদান কৰা হোৱা নাই। মন্দিৰত কোনো ধৰণৰ প্ৰসাদ বিতৰণৰ কাৰ্যসূচীৰ কাৰণে অনুমতি প্ৰদান কৰা হোৱা নাই। সকলো ধাৰ্মিক স্থানৰ প্ৰৱেশ পথ থাৰ্মেল স্কীণিঙৰ ব্যৱস্থা কৰা হব। লগতে দিনটোৰ বহুকেইবাৰ চেনিটাইজৰ ব্যৱস্থা কৰিব লাগিব পৰিচালনা সমিতিয়ে।

ৰাজহুৱা স্থানত থু-খেকাৰ পেলাব নোৱাৰিব কোনো ব্যক্তিয়ে। সকলোৱে আৰোগ্য নিধি এপ ডাউনলড কৰাটো বাঞ্চনীয়। শ্বপিন মলত থকা বিভিন্ন মূৰ্তিৰ লগতে মন্দিৰৰ মূৰ্তি স্পৰ্শ কৰাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। সকলোতে কোভিড-১৯ প্ৰতিৰোধী পৰামৰ্শৱলীৰ হৰ্ডিং আৰিবলৈ দিয়া হৈছে নিৰ্দেশ।

কোনো কাৰ্যালয়ত যদিহে ১ বা ২জন কৰ্মচাৰী যদি কোৰোনাত আক্ৰান্ত হয়, তেনেহলে সম্পূৰ্ণ কাৰ্যালয় বন্ধ কৰাৰ প্ৰয়োজন নাই। কাৰ্যালয়টো চেনিটাইজ কৰি ভাইৰাছমুক্ত কৰাৰ বাবে চেষ্টা কৰিব লাগে। কিছু কিছু ক্ষেত্ৰত কাৰ্যালয়টো ৪৮ ঘন্টাৰ বাবে বন্ধ কৰাও হব পাৰে, এই সময়খিনিত কাৰ্যালয়ত কোনো কৰ্মচাৰী প্ৰৱেশ কৰিব নোৱাৰিব।

কাৰ্যালয়ৰ মিটিং সমূহ প্ৰত্যক্ষভাৱে বহি অনুষ্ঠিত কৰাতকৈ পৰা-পক্ষত ভিডিং কনফাৰেন্সিঙৰ জৰিয়তে অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে। যদিহে কোনো কৰ্মচাৰী কনটেইনমেন্ট জনৰ ভিতৰত পৰে, তেনেহলে এই কথা নিজে কৰ্তৃপক্ষক জনাব লাগিব কৰ্মচাৰীয়ে। সেইসময় খিনিত ঘৰৰ পৰাই কাম কৰাৰ বাবে পৰামৰ্শ প্ৰদান কৰিব কৰ্তৃপক্ষই। ইয়াৰো পৰি সকলো স্থানত সামাজিক দুৰত্ব বৰ্তাই ৰখাটো প্ৰথম আৰু প্ৰাথমিক কৰ্তব্য হিচাপে বিবেচনা কৰিবলৈ সকলোকে আহ্বান জনাইছে।