মুখ্য-পৃষ্ঠা

মহাৰাষ্ট্ৰত কোভিড-১৯ত আক্ৰান্ত সৰ্বাধিক লোক, ৩১ জুলাইলৈ বৃদ্ধি লকডাউন…

asomiyapratidin

ডিজিটেল ডেস্কঃ দেশত প্ৰতিদিনাই বৃদ্ধি পাবলৈ ধৰিছে কোৰোনা ভাইৰাছৰ সংক্ৰমণ। ভাৰতত ৫.৪৮ লাখৰো অধিক লোক আক্ৰান্ত হৈছে এই ভাইৰাছত। ইফালে, এই ভাইৰাছত আক্ৰান্ত হৈ ১৬সহস্ৰাধিক লোকে হেৰুৱাইছে প্ৰাণ। উল্লেখ্য যে, দেশৰ ভিতৰত সৰ্বাধিক লোক কোভিড-১৯ত আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰত।

মহাৰাষ্ট্ৰত এই ভাইৰাছৰ মহাসংকটৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনৰ চৰকাৰে অহা ৩১ জুলাইলৈ লকডাউন বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৱশ্যে এই লকডাউনৰ সময়ত অত্যৱশ্যকীয় সামগ্ৰীৰ দোকানসমূহ খোলা থাকিব। 'মিছন বিগেন অগেন'ৰ অধীনত ৰাজ্য চৰকাৰে মুম্বাই আৰু ইয়াৰ কাষৰীয়া এলেকাসমূহত অত্যাৱশ্যকীয় সামগ্ৰী তথা সেৱাৰ বাদে আন কোনো দোকান বা যান-বাহন চলাচল কৰিব নোৱাৰে।