মুখ্য-পৃষ্ঠা

দেশত যোৱা ২৪ ঘন্টাত আকৌ ৬২ সহস্ৰাধিক কোভিড পজিটিভ, ৮৩৭জনে হেৰুৱালে প্ৰাণ…

asomiyapratidin

ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বতে কোৰোনা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি হৈ আছে। এতিয়ালৈকে বিশ্বজুৰি ৩.৯৩ কোটিৰো অধিক লোক সংক্ৰমিত হৈছে এই ভাইৰাছত। ইফালে, মৃত্যু হৈছে ১১.০৪ লাখ লোকৰ। ভাৰততো এই ভাইৰাছৰ সংক্ৰমণ প্ৰতিদিনাই বৃদ্ধি পাবলৈ ধৰিছে।

স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, শনিবাৰৰ ভাৰতত কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা ৭৪,৩২,৬৮০জনলৈ বৃদ্ধি পাইছে। যোৱা ২৪ ঘন্টাত (শুকুৰবাৰৰ পুৱা ৮ বজাৰ পৰা শনিবাৰৰ পুৱা ৮ বজালৈ) দেশত আকৌ ৬২২১২জনৰ দেহত ধৰা পৰিছে এই ভাইৰাছৰ উপস্থিতি। ইফালে, এই সময়চোৱাত ৭০,৮১৬জন লোক সুস্থ হোৱাৰ বিপৰীতে মৃত্যু হৈছে ৮৩৭জন লোকৰ।