মুখ্য-পৃষ্ঠা

দেশত ২৪ ঘন্টাত ৮৬,৪৩২জনৰ দেহত কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ৪০ লক্ষাধিকলৈ বৃদ্ধি…

asomiyapratidin

ডিজিটেল ডেস্কঃ দেশত প্ৰতিদিনাই বৃদ্ধি পাবলৈ ধৰিছে কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। ভাৰতত এই ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৪০লাখৰো অধিক হৈছেগৈ। স্বাস্থ্য মন্ত্ৰণালয়ে সদৰী কৰা অনুসৰি যোৱা ২৪ ঘন্টাত অৰ্থাৎ শুকুৰবাৰৰ পুৱা ৮ বজাৰ পৰা শনিবাৰৰ পুৱা ৮ বজালৈ দেশত ৮৬,৪৩২জনৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ।

দেশত এই ভাইৰাছত বৰ্তমানলৈ ৪০,২৩,১৭৯ জনকৈ লোক আক্ৰান্ত হৈছে। আৰু এই সংখ্যা প্ৰতি ঘন্টাত বৃদ্ধি পাই গৈ আছে। উল্লেখ্য যে, যোৱা ২৪ ঘন্টাত দেশত কোৰোনা আক্ৰান্ত ১০৮৯জনে প্ৰাণ হেৰুৱাইছে। ইয়াৰ পাছতে দেশত এই বাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৬৯,৫৬১জনলৈ বৃদ্ধি পাইছে।