মুখ্য-পৃষ্ঠা

বতাহৰ জৰিয়তে কোৰোনা ভাইৰাছ বিয়পাৰ সম্ভাৱনা আছেঃ বিশ্ব স্বাস্থ্য সংস্থা…

asomiyapratidin

ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বতেই দ্ৰুত গতিত বৃদ্ধি পাইছে কোৰোনা ভাইৰাছৰ সংক্ৰমণ। এই ভাইৰাছত আক্ৰান্ত হৈছে লাখ লাখ লোক। কিন্তু তাৰ মাজতে আহিছে এক ভয়ংকৰ খবৰ। ইমান দিনে বিশ্ব স্বাস্থ্য সংস্থাই কৈছিল যে, বতাহৰ জৰিয়তে বিয়পিব নোৱাৰে কোৰোনা ভাইৰাছ। কিন্তু ডব্লিউ এইচ অ'ৰ কাৰিকৰী শাখাৰ মুৰব্বী এম ভান কেৰখভে কৈছে যে, বতাহৰ জৰিয়তেও কোৰোনা ভাইৰাছ বিয়পিব পৰা সম্ভাৱনা আছে।

নিউয়ৰ্ক টাইমছত শেহতীয়াকৈ প্ৰকাশ পোৱা খবৰ অনুসৰি, কেৱল কোৰোনাক্ৰান্ত ৰোগীৰ হাঁচি বা কাঁহৰ উপৰিও, ৰোগীৰ উশাহ-নিশাহ বতাহত মিলি গ'লেও বতাহৰ জৰিয়তে বিয়পিব পাৰে এই ভয়ংকৰ ভাইৰাছ বিধ।