মুখ্য-পৃষ্ঠা

কোৰোনা ভাইৰাছৰ প্ৰভাৱঃ পিছুৱাব পাৰে টকিঅ’ অলিম্পিক…

asomiyapratidin

ডিজিটেল ডেস্কঃ কোৰোনা ভাইৰাছৰ আতংকত পিছুৱাব পাৰে টকিঅ' অলিম্পিক। আন্তৰ্জাতিক অলিম্পিক কমিটীৰ প্ৰবীণতম সদস্যৰ শেহতীয়া মন্তব্যই অলিম্পিকৰ ভৱিষ্যত সন্দেহৰ আৱৰ্তলৈ ঠেলি দিছে। কানাডাৰ ডিক পাউণ্ড নামৰ অলিম্পিক কমিটীৰ জ্যেষ্ঠ সদস্যগৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰিছে যে, অহা ৩ মাহৰ ভিতৰত নিৰ্ধাৰণ কৰা হ'ব টকিঅ' অলিম্পিকৰ ভৱিষ্যত।

পাউণ্ডৰ বক্তব্যত স্পষ্ট যে অহা ৩ মাহত পৰিস্থিতিৰ উন্নতি নহ'লে অলিম্পিক নিৰ্দিষ্ট সময়ত হোৱাটো কঠিন। তাৎপৰ্যপূৰ্ণ ভাৱে কোৰোনা ভাইৰাছৰ আতংকৰ পৰিপ্ৰেক্ষিততে সোমবাৰৰ পৰা হ'বলগা জাপানৰ বিখ্যাত জে লীগ ফুটবল অনিৰ্দিষ্ট সময়লৈ পিছুৱাই দিয়া হৈছে। মাৰ্চ মাহ পৰ্যন্ত কোনো মেচ অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে জাপানৰ ফুটবল সন্থাই।

উল্লেখ্য যে, জাপানত কোৰোনা ভাইৰাছৰ আক্ৰান্তৰ সংখ্যাই ডেৰশ অতিক্ৰম কৰিছে। জাপানৰ এখন জাহাজৰ নাবিক সকলৰ মাজত এই ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। প্ৰাপ্ত খবৰ অনুসৰি, জাপানত অলিম্পিকৰ বাবে নিৰ্বাচিত স্বেচ্ছাসেৱক সকলৰ প্ৰশিক্ষণো বন্ধ কৰি দিয়া হৈছে।

অলিম্পিকৰ আগেয়ে হ'বলগা টকিঅ' মাৰাথানো বাতিল কৰা হৈছে। কাৰণ এই পৰিস্থিতিত কোনো তাৰকা এথলিটে জাপানত খেলিবলৈ ৰাজী নহয়। ইটালীতো বিয়পিছে কোৰোনা ভাইৰাছৰ আতংক। ইউৰোপা লীগত ইণ্টাৰ মিলানে মেচ খেলিব দৰ্শকশূণ্য গেলেৰীৰ সন্মুখত।