মুখ্য-পৃষ্ঠা

শৰীৰত নহয়, বানাৰসী শাৰীত চীনৰ কোৰোনা ভাইৰাছৰ প্ৰভাৱ…

asomiyapratidin

ডিজিটেল ডেস্কঃ চীনত মহামাৰীৰ ৰূপ ধাৰণ কৰিছে কোৰোনা ভাইৰাছে। এই ভাইৰাছৰ সংক্ৰমণৰ বলি হৈ ইতমধ্যে চীনত মৃত্যু ঘটিছে ১৩,০০ৰো অধিক লোকৰ। ৬০ হাজাৰৰো অধিক লোকৰ দেহত পোৱা গৈছে এই ভাইৰাছৰ বীজানু। এতিয়া এই ভাইৰাছ কেৱল চীনতে নহয়, বিশ্বৰ অন্য ২০ৰো অধিক দেশলৈও বিয়পি পৰিছে। যাৰ ফলত বিশ্ব স্বাস্থ্য সংস্থাই এই ভাইৰাছক লৈ সতৰ্কবাণী ঘোষণা কৰিবলৈ বাধ্য হৈছে।

ভাৰতলৈও এই ভাইৰাছৰ সংক্ৰমণ ঘটিলেও অৱশ্যে এতিয়ালৈকে কোনো ভাৰতীয়ৰ মৃ্ত্যু ঘটা নাই কোৰোনা ভাইৰাছত। কিন্তু এই ভাইৰাছে প্ৰভাৱ পেলাইছে দেশখনৰ বানিজ্য ক্ষেত্ৰত। বিশেষকৈ বিশ্বখ্যাত বানাৰসী শাৰীৰ উদ্যোগ ক্ষেত্ৰত কোৰোনা ভাইৰাছে প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে। প্ৰধানমন্ত্ৰী মোডীৰ সংসদীয় সমষ্টি বাৰানসীৰ এই শাৰী উদ্যোগত এতিয়া দেখা দিছে ঘোৰ সংকটে।

বানাৰসী শাৰী প্ৰস্তুতৰ বাবে যি ৰেচম বা আন মেটেৰিয়েলৰ প্ৰয়োজন হয়, সেয়া মূলতঃ আহে চীনৰ পৰাই। কেৱল বাৰানসীতে প্ৰতিদিনে ৭-৮ টন ৰেচম সূতা চীনৰ পৰা আমদানী হৈ আহিছে। ৪.৫ লাখ লোক প্ৰত্যক্ষভাৱে শাৰী উদ্যোগৰ সৈতে জড়িত থকাৰ উপৰিও বাৰানসীত পৰোক্ষ ভাৱেও বহু লোক এই উদ্যোগ ক্ষেত্ৰৰে জড়িত জীৱন নিৰ্বাহ কৰি আহিছে। কিন্তু কোৰোনা ভাইৰাছৰ ফলত চীনে ৰেচমৰ ৰপ্তানীত জাৰি কৰা নিষেধাজ্ঞাই বাৰানসীৰ শাৰী উদ্যোগৰ লগতে ইয়াৰ সৈতে জড়িত লোকসকলৰ জীৱিকাৰ প্ৰতিও ভাবুকিৰ সৃষ্টি কৰিছে।

মূলতঃ জানুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ পৰা বন্ধ হৈ আছে চাইনীজ ৰেচমৰ আমদানী। ৪ ফেব্ৰুৱাৰীত আমদানী পুনৰ আৰম্ভ কৰাৰ কথা আছিল যদিও কোৰোনা ভাইৰাছৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি অনিৰ্দিষ্টকাললৈ ৰেচম সূতাৰ ৰপ্তানী বন্ধ কৰি ৰাখিছে চীনে। কিয়নো ৰেচমৰ জৰিয়তে এই ভাইৰাছ অন্য দেশলৈও সংক্ৰমণ ঘটাৰ আশংকা কৰিছে চীনে। এনে পৰিস্থিতিত ভাৰতৰ বানাৰসী শাৰী উদ্যোগটোৱে প্ৰতিমাহে ডেৰ শ কোটিৰ পৰা দুশ কোটি টকা পৰ্যন্ত লোকচানৰ সন্মুখীন হ'বলগা হৈছে।

ইফালে চীনত উৎপাদিত পাটমূগাৰ সূতাৰ পৰা প্ৰস্তুত কৰা পাট কাপোৰ মূলত আমদানি হয় অসমৰ বস্ত্ৰনগৰী শুৱালকুছিলৈ। এই পাট কাপোৰৰ মূল্য কম হোৱাৰ বাবে বস্ত্ৰ ব্যৱসায়ীসকলে বেছি মুনাফাৰ লোভত বাৰানসীৰ পৰা আমদানি কৰা কাপোৰৰ এক বৃহৎ বজাৰ গঢ় লৈ উঠিছে। যাক গ্ৰাহকসকলে বাৰানসী পাট কাপোৰ বুলি ক্ৰয় কৰে। এনে কৃত্ৰিম পাট কাপোৰৰ বিৰুদ্ধে চৰকাৰী পৃষ্ঠপোষকতাত অভিযানো চলিছিল। কিন্তু সেই ব্যৱসায় ৰোধ হোৱা নাছিল।

পাঠশালা তথা ৰাজ্যৰ অন্য প্ৰান্তলৈ বাৰানসীৰ পৰা অহা এনে পাট কাপোৰৰ বজাৰতো কোৰোনা ভাইৰাছৰ প্ৰভাৱ পৰিছে। চীন আৰু ভাৰতৰ মাজত বাণিজ্যিক সম্বন্ধত কোৰোনা ভাইৰাছৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ বাবে বাৰানসীৰ লগতে অসমৰ বস্ত্ৰ উদ্যোগতো ইয়াৰ প্ৰভাৱ পৰা দেখিবলৈ পোৱা গৈছে।

বানাৰসী শাৰীৰ উদ্যোগৰ সমান্তৰালভাৱে চীনৰ কোৰোনা ভাইৰাছৰ সংহাৰে ভাৰতৰ কপাহ সূতা আৰু ৰাজ মাহৰ ব্যৱসায়তো প্ৰভাৱ পেলাইছে। উল্লেখ্য যে, ভাৰতৰ ৰাজ মাহৰ মুঠ চাহিদাৰ ৫০ শতাংশই আমদানী হয় চীনৰ পৰা। সেইদৰে ভাৰতত উৎপাদিত কপাহ সূতাৰ ২৫ শতাংশৰো অধিক অংশ ৰপ্তানী হয় চীনলৈ। কিন্তু কোৰোনা ভাইৰাছৰ প্রভাৱৰ ফলত বন্ধ হৈ আছে ৰাজ মাহ আৰু কপাহ সূতাৰ আমদানি-ৰপ্তানীও। যাৰ বাবে বজাৰত ৰাজ মাহৰ মূল্য ৮ শতাংশ বৃদ্ধি হোৱাৰ বিপৰীতে কপাহ সূতাৰ মূল্য ৪ শতাংশলৈ হ্ৰাস পাইছে। আগন্তুক ১০ দিনলৈকে ভাৰতৰ বজাৰত এই সংকট অব্যাহত থকাৰ আশংকা কৰা হৈছে।