মুখ্য-পৃষ্ঠা

প্ৰথমবাৰলৈ ভাৰতত নিৰ্মাণ কোৰোনাৰ ভাইৰাছৰ পৰীক্ষাত ব্যৱহৃত টেষ্টিং কীট, মূল্যও কম…

asomiyapratidin

ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্ব এতিয়া কোৰোনা ভাইৰাছৰ সংক্ৰমণত জৰ্জৰ। চীন, ইটালী, স্পেইন আদি দেশত কোৰোনাই আতংক সৃষ্টি কৰাৰ পিছত এতিয়া ভাৰততো তাৰ প্ৰকোপ ক্ৰমাৎ বৃদ্ধি পাইছে। যাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰ আৰু প্ৰশাসনে এই ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে।

বিশেষকৈ বিমান বন্দৰ আৰু ৰেল ষ্টেচন সমূহত তীক্ষ্ণ নজৰ ৰখা হৈছে অন্য ঠাইৰ পৰা অহা যাত্ৰী সকলৰ ওপৰত। কোনো কাৰণতে যাতে এই ভাইৰাছৰ সংক্ৰমণ নহয়, তাৰ বাবে যাত্ৰী সকলৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে। এনে পৰিপ্ৰেক্ষিতত কোৰোনাৰ উপস্থিতি নিশ্চিত কৰিবলৈ ব্যৱহাৰ কৰা টেষ্টিং কীটৰ অভাৱ ঘটিছে বহু ঠাইত। কিয়নো বিদেশৰ পৰা আমদানি কৰিব লগা হোৱা টেষ্টিং কীটৰ চাহিদা বৃদ্ধি পোৱাৰ বিপৰীতে এইসমূহ কীটৰ মূল্যও যথেষ্ট বেছি হয়।

ভাৰতত কোৰোনা পৰীক্ষাত ব্যৱহৃত টেষ্টিং কীটৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ ভাৰততে নিৰ্মাণ কৰি উলিওৱা হৈছে এই টেষ্টিং কীট। পুনেৰ মাইলেব ডিস্কভাৰী প্ৰাইভেট লিমিটেড নামৰ সংস্থাটোৱে নিৰ্মান কৰি উলিয়াইছে টেষ্টিং কীটসমূহ। এইসমূহ টেষ্টিং কীটৰ মূল্যও বিদেশী টেষ্টিং কীটৰ তুলনাত অতি কম বুলি জনাইছে নির্মাণকাৰী সংস্থাটোৱে।

ইতিমধ্যে মাইলেব ডিস্কভাৰী প্ৰাইভেট লিমিটেডে প্ৰস্তুত কৰি উলিওৱা টেষ্টিং কীট সমূহ ব্যৱহাৰত অনুমোদন জনাইছে ইণ্ডিয়ান কাউন্সিল অব মেডিকেল ৰিচাৰ্ছ-এ। এই টেষ্টিং কীট প্ৰতিটোৰ মূল্য ৮০ হাজাৰ টকা। প্ৰতিটো কীটেৰে ১০০ জন ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰিব পৰা যাব। মাইলেব ডিস্কভাৰী প্ৰাইভেট লিমিটেড পক্ষই জানিবলৈ দিয়া মতে চাহিদা অনুযায়ী এসপ্তাহৰ ভিতৰত তেওঁলোকে এক লাখৰ পৰা ডেৰ লাখ টেষ্টিং কীট প্ৰস্তুত কৰিবলৈ সক্ষম।