মুখ্য-পৃষ্ঠা

কোভিড-১৯ৰ পৰা আৰোগ্য হৈ ভাৰতত হাস্পতালৰ পৰা কিমান লোক ঘূৰিছে ঘৰলৈ…

asomiyapratidin

ডিজিটেল ডেস্কঃ ভাৰতত ক্ৰমাৎ বাঢ়িছে কোৰোনা ভাইৰাছৰ সন্ত্ৰাস। শনিবাৰৰ পুৱালৈকে দেশত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈছে ৫,০৯,৪৪৬ জন লোক। আনহাতে এতিয়ালৈকে মৃত্যু হৈছে ১৫,৬৮৯ গৰাকী লোকৰ।

অৱশ্যে তাৰ মাজতে আশাৰ খবৰ যে, ভাৰতত এতিয়ালৈকে কোৰোনাৰ পৰা আৰোগ্য হৈছে ২,৯৫,৯১৭ গৰাকী লোক। এতিয়াও ভাৰতত বিভিন্ন স্থানত চিকিৎসাধীন হৈ আছে ১,৯৭,৭৮৫ গৰাকী লোকৰ।

ভাৰতত সৰ্বাধিক কোৰোনাত মহাৰাষ্ট্ৰৰ লোকেই আক্ৰান্ত হৈছে। ৰাজ্যখনৰ ১,৫২,৭৬৫ গৰাকী লোক কোৰোনাত আক্ৰান্ত হৈছে। এতিয়ালৈকে মহাৰাষ্ট্ৰত ৭,১০৬ জন লোকৰ মৃত্যু হৈছে। আনহাতে অসমত এতিয়ালৈকে কোৰোনাত আক্ৰান্ত হৈছে ৬৯১৯। এইসকল আক্ৰান্তৰ ৪২৪৭ জন লোক আৰোগ্য হৈছে।