মুখ্য-পৃষ্ঠা

ভাৰতত ৭১ লৈ বৃদ্ধি নতুন কোৰোনা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা, বুধবাৰে ১৩ জনৰ দেহত চিনাক্ত…

asomiyapratidin

ডিজিটেল ডেস্ক : ভাৰতত নতুন প্ৰকাৰৰ কোৰোনা ভাইৰাছত সংক্ৰমন বৃদ্ধি হৈছে । ভাৰতত বৰ্তমানলৈ নতুন প্ৰকাৰৰ কোৰোনা ভাইৰাছত আক্ৰান্ত হৈছে ৭১ গৰাকী লোক । বুধবাৰে ভাৰতত কোৰোনাত আক্ৰান্ত হয় ১৩ গৰাকী লোক । ইফালে মঙলবাৰৰ তুলনাত বুধবাৰে কম ৰোগী পোৱা যায়।

২০ গৰাকী নতুন কোৰোনা আক্ৰান্ত ৰোগীৰ সৈতে মঙলবাৰে আক্ৰান্তৰ সংখ্যা আছিল ৫৮ গৰাকী । ব্ৰিটেইনত পোৱা এই কোৰোনা ভাইৰাছ আগৰ ভাইৰাছতকৈ ৭০ শতাংশ সংক্ৰামক বুলি বিভিন্ন জনে ব্যক্ত কৰে ।

কোভিড-১৯ ৰোগীৰ নতুন কোৰোনা ভাইৰাছৰ পৰীক্ষা ১০ টা ইনচাকগ পৰীক্ষাগাৰত পৰীক্ষা কৰা হৈছে। ইয়াৰ আগতে, ব্ৰিটেইনত পোৱা এই ভাইৰাছ ডেনমাৰ্ক, নেডাৰলেণ্ড, অষ্ট্ৰেলিয়া, ইটালী, ছুইডেন, ফ্ৰান্স, স্পেইন, ছুইজাৰ্লেণ্ড, জাৰ্মানী, কানাডা, জাপান, লেবানন আৰু ছিংগাপুৰত পোৱা গৈছিল ।ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে ভাৰতকে ধৰি কেইবাখনেও দেশে ব্ৰিটেইনলৈ বিমানৰ ওপৰত অস্থায়ী নিষেধাজ্ঞা আৰোপ কৰিছিল।