মুখ্য-পৃষ্ঠা

কোৰোনাই সৰ্বাধিক ক্ষতিগ্ৰস্ত কৰা ভাৰতৰ ১০খন ৰাজ্য…

asomiyapratidin

ডিজিটেল ডেস্কঃ অসমত কোৰোনাত আক্ৰান্তৰ সংখ্যাই পাৰ কৰিলে ৫০হাজাৰৰ ঘৰ। অসমত বৰ্তমান কোৰোনাত আক্ৰান্ত মুঠ সংখ্যা হৈছে ৫০হাজাৰ ৪৪৬গৰাকী। ভাৰতৰ সৰ্বাধিক কোৰোনা আক্ৰান্ত ৰাজ্যৰ তালিকাত অসম বৰ্তমান আছে একাদশ স্থানত।

উল্লেখ্য যে, ভাৰতৰ ভিতৰতে সৰ্বাধিক কোৰোনা আক্ৰান্ত ৰাজ্যখন হৈছে মহাৰাষ্ট্ৰ, দ্বিতীয় স্থানত আছে তামিলনাডু আৰু এই তালিকাত তৃতীয় স্থানত আছে অন্ধ্ৰ প্ৰদেশ। পূৰ্বে প্ৰথম তিনিটা স্থানৰ ভিতৰত থকা দিল্লী এতিয়া পঞ্চম স্থানত।

কোৰোনাই সৰ্বাধিক ক্ষতিগ্ৰস্ত কৰা ৰাজ্যৰ ভিতৰত চতুৰ্থ স্থানত আছে কৰ্ণাটক। তেনেদৰে বিহাৰ, উত্তৰ প্ৰদেশ, তেলেংগানা, গুজৰাট, পশ্চিম বংগ আদি ৰাজ্যবোৰ প্ৰথম দহটা স্থানৰ ভিতৰত আছে।