মুখ্য-পৃষ্ঠা

দিল্লীত বৃদ্ধি কোৰোনা সংক্ৰমণ, বৰ্তমান ল’কডাউনৰ নাই সম্ভাৱনাঃ অৰবিন্দ কেজৰিৱাল

asomiyapratidin

ডিজিটেল ডেস্কঃ দিল্লীত প্ৰতিদিনাই বৃদ্ধি পাবলৈ ধৰিছে কোৰোনাত আক্ৰান্তৰ সংখ্যা। তাৰ মাজতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল চৰকাৰে কিছু কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কিন্তু এতিয়া প্রশ্ন উত্থাপন হৈছে যে, ৰাজ্যখনত পুনৰ ল'কডাউন জাৰি কৰা হ'ব নেকি?

এই প্ৰশ্নৰ উত্তৰত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সাংবাদিকক কয়- দিল্লীত তীব্ৰগতিত বৃদ্ধি পাইছে কোৰোনাৰ সংক্ৰমণ। কোৰোনাৰ বাবে যি পৰিস্থিতি ৰাজ্যত সৃষ্টি হয় সেই সন্দৰ্ভত ৰাজ্যবাসীক জনাই যাম। দিল্লীত অসাধাৰণ স্থিতি সৃষ্টি হৈছে, কিন্তু এতিয়াও ল'কডাউনৰ কোনো সম্ভাৱনা নাই…।