মুখ্য-পৃষ্ঠা

দেশত কোৰোনাৰ বিৰুদ্ধে যুঁজি জয়ী হৈছে ১,০৪,০৭১ জন লোক…

asomiyapratidin

ডিজিটেল ডেস্কঃ দেশত কোৰোনাৰ প্ৰকোপ দিনক দিনে বৃদ্ধি পাইছে। বিগত ২৪ ঘন্টাত ভাৰতত কোৰোনাত আক্ৰান্ত হৈছে ৯,৩০৪ গৰাকী। বৃহস্পতিবাৰৰ পুৱাৰ ভাগলৈকে দেশত কোৰোনাত মুঠ আক্ৰান্ত হৈছে ২,১৬,৮২৭জন লোক।

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল মন্ত্ৰণালয়ে সদৰি কৰিছে যে, দেশত বিগত ২৪ঘন্টাত কোৰোনাৰ ফলত মৃত্যু হৈছে ২৬০ জন লোকৰ। দেশত কোৰোনাৰ ফলত এতিয়ালৈকে মুঠ মৃত্যু হৈছে ৬,০৮৮ গৰাকী লোকৰ। ভাৰতত কোৰোনাৰ পৰা আৰোগ্য হৈছে ১,০৪,০৭১ জন লোক। এতিয়াও চিকিৎসাধীন হৈ আছে ১,০৬,৬৫৭ জন লোক।