মুখ্য-পৃষ্ঠা

দেশত হ্ৰাস কোৰোনাৰ সংক্ৰমণঃ নতুনকৈ আক্ৰান্ত ৬০৭৫৩জন…

asomiyapratidin

ডিজিটেল ডেস্কঃ দেশত ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰিছে কোৰোনাৰ সংক্ৰমণ। প্ৰত্যেক দিনাই নতুনকৈ আক্ৰান্ত লোকৰ সংখ্যা কমি গৈ আছে। এয়া অতি ভাল খবৰ। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্রণালয়ে শনিবাৰে পুৱা জাৰি কৰা তথ্য অনুসৰি যোৱা ২৪ ঘন্টাত দেশত নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে ৬০৭৫৩জন লোক।

এই সময়চোৱাত ভাৰতত কোৰোনাত প্ৰাণ হেৰুৱাইছে ১৬৪৭জন লোকে। ইফালে স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, দেশত যোৱা ২৪ ঘন্টাত সুস্থ হৈছে ৯৭৭৪৩জন লোক। উল্লেখযোগ্য যে, ভাৰতত বৰ্তমান সময়ত সংক্ৰমণৰ হাৰ ২.৯৮ শতাংশলৈ হ্ৰাস পাইছে। যি যোৱা ১২ দিন ধৰি ৫ শতাংশৰ তলত আছে।