মুখ্য-পৃষ্ঠা

কোভিড-১৯ঃ ভাৰতত দেওবাৰে আক্ৰান্ত সৰ্বাধিক লোক, ৭১১১জনৰ দেহত ধৰা পৰিল কোৰোনা…

asomiyapratidin

ডিজিটেল ডেস্কঃ ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা দেওবাৰৰ নিশা ১২ বজালৈ ১,৩৮,৫৩৬জনলৈ বৃদ্ধি পাইছে। প্ৰতিদিনাই দেশত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিচে। কিন্তু লক্ষণীয় যে, ভাৰতত দেওবাৰৰ দিনটোত কোভিড-১৯ত আক্ৰান্ত হৈছে ৭,১১১জনকৈ লোক।

দেশত দেওবাৰেই সৰ্বাধিক লোক আক্ৰান্ত হৈছে কোৰোনা ভাইৰাছত। ইফালে, ভাৰত বৰ্তমানলৈ কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ ৪,০২৪জন লোকে হেৰুৱাইছে প্ৰাণ। উল্লেখ্য যে, দেওবাৰৰ দিনটোত এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে ১৫৬জনকৈ লোকৰ।

আনহাতে, ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ সুস্থ হৈ উঠা লোকৰ সংখ্যা ৫৭,৬৯২জনলৈ বৃদ্ধি পাইছে যদিও, বৰ্তমানেও ৭৬,৮১১জন ৰোগী চিকিৎসাধীন হৈয়ে আছে। লক্ষণীয় যে, দেশৰ ভিতৰত মহাৰাষ্ট্ৰত সৰ্বাধিক লোক আক্ৰান্ত হৈছে কোৰোনা ভাইৰাছত। ৰাজ্যখনত বৰ্তমান সময়লৈকে ৫০,২৩১জন লোক কোভিড-১৯ত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ১৬৩৫জনৰ।